অভিলেখ গঢ়াৰ বাবে নহয়,দলক বিজয়ী কৰাৰ লক্ষ্যৰে খেলো-ৰোহিত 'হিটমেন' শৰ্মা

varat

নিউজ ডেস্ক:
শনিবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰত বিজয়ী হোৱা মেচখনত ১০৩ ৰাণৰ ৰাজকীয় ইনিংছ খেলিলে ভাৰতীয় অপেনাৰ ৰোহিত শৰ্মাই।এই শতক অৰ্জনেৰে ৰোহিতে গঢ়িলে এটা বিশ্বকাপত সৰ্বাধিক ৫ টা শতক অৰ্জনৰ অভিলেখ।


অৱশ্যে এই অভিলেখ অৰ্জনক অধিক গুৰুত্ব দিবলৈ বিচৰা নাই বেটছমেনজনে।তেওঁ কয়-'কোনো অভিলেখ গঢ়াৰ লক্ষ্যৰে মই নেখেলো।মই খেলো সদায় নিজৰ দলক বিজয়ী কৰাৰ লক্ষ্যৰে।মই ভাল খেলিলে এনে অভিলেখ সৃষ্টি হৈ থাকিব।'

Your Comments