৯ জুলাইত ছেমি ফাইনেলত নিউজীলেণ্ডক বিধ্বস্ত কৰি ফাইনেললৈ আগবঢ়াৰ লক্ষ্য ভাৰতৰ

birat

নিউজ ডেস্ক:

শনিবাৰে বিশ্বকাপৰ মেচত দক্ষিণ আফ্ৰিকাই অষ্ট্ৰেলিয়াক ১০ ৰাণত পৰাস্ত কৰাৰ লগে লগে ভাৰত বিশ্বকাপৰ লীগ পৰ্যায়ৰ পইণ্ট তালিকাৰ শীৰ্ষ স্থানত উপনীত হ'ল।এই খেলখনৰ পূৰ্বে একেদিনাই শ্ৰীলংকাক ভাৰতে ৭ উইকেটত পৰাস্ত কৰিছিল।এই খেল দুখনৰ ফলাফলৰ পিছত এতিয়া ছেমি ফাইনেলত কোন দলে কাৰ লগত খেলিব,সেয়া নিশ্চিত হ'ল।


এতিয়া ৯ জুলাইত পইণ্ট তালিকাৰ শীৰ্ষ স্থানৰ ভাৰতে তালিকাৰ চতুৰ্থ স্থানৰ নিউজীলেণ্ডৰ বিৰুদ্ধে খেলিব।আনহাতে,তালিকাৰ দ্বিতীয় স্থানৰ অষ্ট্ৰেলিয়াই তালিকাৰ তৃতীয় স্থানৰ ইংলেণ্ডৰ বিৰুদ্ধে ১১ জুলাইত ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব।

Your Comments