গড়কাপ্তানী বিভাগৰ বিষয়া-কৰ্মচাৰীক লগত লৈ মহানগৰীৰ গুৰুত্বপূৰ্ণ পথ পৰিদৰ্শন মন্ত্ৰী হিমন্তৰ

hi

গড়কাপ্তানী বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীক লগত লৈ মহানগৰীৰ ৰাজপথত গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।শুকুৰবাৰে পুৱাৰ ভাগতে মন্ত্ৰী শৰ্মাই পৰিদর্শন কৰে চানমাৰি-নুনমাটি পথ। তাৰ পিছতে মন্ত্ৰীগৰাকীয়ে পৰিদর্শন কৰে নুনমাটি-নাৰেংগী আৰু ভিআইপি ৰোড।উক্ত পথকেইটা পৰিদর্শন কৰি মন্ত্ৰী শৰ্মাই নলা-নৰ্দমা ,পদপথ সমূহ মেৰামতি কৰাৰ বাবে নির্দেশ প্ৰদান কৰে।ইয়াৰ উপৰিও মন্ত্ৰীগৰাকীয়ে পথকেইটাত 'পেভাৰ ব্লক' স্থাপন কৰি প্ৰতিটো পথৰ দাঁতিত গছ পুলি ৰোপণ কৰিবলৈ গড়কাপ্তানী বিষয়াসকলক দায়িত্ব দিয়ে।

ইয়াৰ উপৰিও মন্ত্ৰীগৰাকীয়ে ভিআইপি ৰোডত সৌন্দৰ্য বৰ্ধনৰ বাবে বিষয়াসকলক ডিভাইডাৰসমূহ পৰিষ্কাৰ কৰি ঘাঁহ ৰোপণ কৰাৰ বাবে নির্দেশ প্ৰদান কৰে।

ইফালে,সদাব্যস্ত মহানগৰীৰ ৰাধা গোবিন্দ বৰুৱা পথ, জিএছ ৰোড, এটি ৰোডকে ধৰি মূল পথসমূহত পথাচাৰীৰ সুবিধা হোৱাকৈ 'ফুট অভাৰ ব্ৰীজ' স্থাপন কৰিব পাৰি নেকি,সেই সন্দৰ্ভত জৰীপ চলাবলৈ বিষয়াসকলক দায়িত্ব দিয়ে।

Your Comments