পইণ্ট তালিকাত শীৰ্ষ স্থান লাভৰ আশাৰে আজি শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰত

sp

'আইচিচি বিশ্বকাপ-২০১৯'ৰ লীগ পৰ্যায়ত পইণ্ট তালিকাৰ শীৰ্ষ স্থানত থাকিবলৈ আজি ভাৰত আৰু অষ্ট্ৰেলিয়াই যথাক্ৰমে যুঁজ দিব শ্ৰীলংকা আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে।ভাৰতে শ্ৰীলংকাক পৰাস্ত কৰিবলৈ সক্ষম হ'লে ১৫ পইণ্ট অৰ্জন কৰিব।ইফালে,অষ্ট্ৰেলিয়া যদি আজি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাস্ত হয়,তেন্তে ১৪ পইণ্টতে থাকি দ্বিতীয় স্থানলৈ নামি আহিব।কিন্তু,অষ্ট্ৰেলিয়া যদি আজি জয়ী হয়,তেন্তে দলটোৱে ১৬ পইণ্ট অৰ্জন কৰি তালিকাৰ শীৰ্ষ স্থানতে থাকি ছেমি ফাইনেল খেলিব।

 

ভাৰতে আজি জয়লাভ কৰাটো এটা দিশৰ পৰা গুৰুত্বপূৰ্ণ হ'ব,আজি টীম ইণ্ডিয়াই জয়লাভ কৰিলে আৰু অষ্ট্ৰেলিয়া পৰাস্ত হ'লে ভাৰতে ছেমি ফাইনেলত শক্তিশালী ইংলেণ্ডৰ লগত মুখামুখি হ'ব নালাগিব।ভাৰতে আজি জয়লাভ কৰিলে তুলনামূলকভাৱে দুৰ্বল নিউজিলেণ্ডৰ লগত ছেমি ফাইনেল খেলাৰ সুযোগ পাব পাৰে।

Your Comments