পোলেণ্ডত অনুষ্ঠিত এথলেটিকছ প্ৰতিযোগিতাত সোণ আঁ‌জুৰি আনিলে হিমাই

hima

নিউজ ডেস্ক :
পুনৰ সোণ আজুৰি আনিলে স্বৰ্ণ কন্যা হীমা দাসে।মঙ্গলবাৰে পোলেণ্ডৰ প'জনানত অনুষ্ঠিত প'জনান এথলেটিক গ্ৰেণ্ড প্ৰিক্সৰ মহিলা শাখাৰ ২০০ মিটাৰ দৌৰত সোনৰ পদক আজুৰি আনিবলৈ সক্ষম হয় হিমাই।২৩.৬৫ ছেকেণ্ডত হিমাই সম্পূৰ্ণ কৰে এই দৌৰ।উল্লেখ্য যে যোৱা কেইমাহ মানৰ আগতে গুৰুতৰভাবে আঘাত পাই প্ৰতিযোগিতাৰ পৰা আঁতৰি আহিব বাধ্য হৈছিল হিমাই।আনহাতে এই প্ৰতিযোগিতাতে ভাৰতৰ বিকে বিস্মায়াই লাভ কৰে তৃতীয় স্থান ।

Your Comments