বিশ্বকাপৰ ভাৰতীয় দলৰ ৰিজাৰ্ভ খেলুৱৈ আম্বাতী ৰাইডুৰ আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ

raidu

বিশ্বকাপৰ ভাৰতীয় ক্ৰিকেট দলৰ ৰিজাৰ্ভ খেলুৱৈ আম্বাতী ৰাইডু।কিন্তু শিখৰ ধৱন আৰু বিজয় শংকৰ আঘাতপ্ৰাপ্ত হৈ বিশ্বকাপ দলৰ পৰা বাহিৰ হোৱাৰ পিছতো ৰাইডুক মূল বিশ্বকাপ দলত অন্তৰ্ভুক্ত কৰা নহ'ল।হয়তো এই কাৰণতে ৰাইডু অসন্তুষ্ট হৈছিল।যাৰ বাবে বিশ্বকাপৰ মাজতে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে মধ্যক্ৰমৰ বেটছমেন আম্বাতী ৰাইডুৱে।


উল্লেখ্য যে ভাৰতীয় দলৰ ৪ নম্বৰ স্থানত নিজৰ দাবী মজবুত কৰিবলৈ ৰাইডুৱে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।৩৩ বছৰীয়া ৰাইডুৱে ৫৫ খন এদিনীয়া আন্ত:ৰাষ্ট্ৰীয় খেলত অৱতীৰ্ণ হৈ ৪৭.০৫ গড়েৰে ১৬৯৪ ৰাণ সংগ্ৰহ কৰিছিল।তেওঁ ভাৰতৰ হৈ ৬ খন টী-২০ও খেলিছিল।ৰাইডুৱে ভাৰতৰ হৈ কোনো টেষ্ট খেলা নাই।

Your Comments