ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অহা ১৮ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব ১৮সংখ্যক এছিয়ান গেমছ । এছিয়াৰ মুঠ ৪৫খন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিব এইবাৰৰ এছিয়ান গেমছত ।
য'ত ভাৰতক প্ৰতিনিধিত্ব কৰিব ৫২৪জনীয়া খেলুৱৈ দলে । ২৭৭গৰাকী পুৰুষৰ বিপৰীতে ২৪৭গৰাকী মহিলা খেলুৱৈৰে সমৃদ্ধ দলটোত আছে ৬গৰাকী অসমৰ সু-সন্তান ।
তেওঁলোক হৈছে বক্সাৰ শিৱ থাপা, আৰ্চাৰ প্ৰমীলা দৈমাৰী, দৌৰবিদ হিমা দাস, শ্বাটলাৰ অস্মিতা চলিহা, ফেন্সিং খেলুৱৈ কবিতা দেৱী আৰু টাইকোৱানডোত ৰ'দালি বৰুৱাই অসমৰ হৈ দেশক প্ৰতিনিধিত্ব কৰিব । অসমৰ বাবে এইবাৰৰ এছিয়ান গেমছ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ।
কাৰণ ১৯৬৬ চনত অসম সন্তান দৌৰবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাই স্বৰ্ণ জয়ৰ পাছৰ পৰা কোনো অসমীয়া খেলুৱৈয়ে আজিলৈকে এছিয়ান গেমছত পদক পাবলৈ সক্ষম হোৱা নাই ।
সেইবাবে এইবাৰৰ এছিয়ান গেমছক লৈ অসমবাসী পৰম আশাবাদী, ১৯৬৬ চনৰ সেই আনন্দৰ মুহূৰ্ত এইবাৰ ৬ অসম সন্তানে ৰাজ্যবাসীক উপহাৰ দিব পাৰিব বুলি ।
- Log in to post comments
- 15 views