অম্বুবাচীৰ সময়ত অতিৰিক্ত ফেৰী সেৱাৰে ১লাখ ৭১ হেজাৰ টকা উপাৰ্জন কৰিলে জল পৰিবহন বিভাগে

feri

নিউজ ডেস্ক :
অম্বুবাচী মেলা উপলক্ষে যোৱা ২২জুনৰ পৰা ২৬জুনলৈকে অসম চৰকাৰৰ জলপৰিবহন বিভাগে পৰ্যটকৰ সুবিধা হোৱাকৈ মহাগৰীৰৰ লাচিতঘাটৰ পৰা উমানন্দ মন্দিৰলৈ চলোৱাৰ ব্যৱস্থা কৰিছিল দুখন অতিৰিক্ত ফেৰী। আৰপিএল বাঘবৰ আৰু নামবৰ নামৰ দুখন ফেৰী অম্বুবাচীৰ দিনকেইটাত চলাচল কৰিছিল। তাৰে আৰ পি এল বাঘবৰ ২৬জুনলৈকে চলাচল কৰি ১লাখ ৫০০টকা ৰাজহ সংগ্ৰহ কৰাৰ বিপৰীতে আৰ পি এল নামবৰ ২৫জুনলৈকে চলাচল কৰি সংগ্ৰহ কৰিলে ৭১হাজাৰ ১০০টকা। অৰ্থাৎ দুয়োখন অতিৰিক্ত ফেৰীয়ে সংগ্ৰহ কৰিলে মুঠ ৰাজহ ১লাখ ৭১হাজাৰ ৬০০টকা।এই কথা জানিবলৈ দিছে ফেৰী দুখনৰ কৰ্তৃপক্ষই।feri2

লগতে ফেৰী দুখনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি কামাখ্যা ধামৰ অম্বুবাচীৰ দিনকেইটাত উমানন্দ মন্দিৰলৈ মূলত পশ্চিমবঙ্গ, মহাৰাষ্ট্ৰ,নেপাল, বাংলাদেশ,আফগানিস্তান আদিৰ পৰা ভক্তসকল আহিছিল।অম্বুবাচীৰ দিনকেইটাত গুৱাহাটী-উমানন্দ ঘাট আৰু লাচিত ঘাটেৰে প্ৰায় ৩০হাজাৰ ভক্ত উমানন্দ দর্শন কৰিবলৈ যোৱা বুলিও জানিব দিয়ে।

ইফালে অতিৰিক্তভাৱে জল পৰিবহন বিভাগে ব্যৱস্থা কৰা ফেৰী দুখনত মুঠ ৩২জন বিভাগীয় কৰ্মচাৰী নিয়োজিত হৈ আছিল বুলি জানিব পৰা গৈছে।

Your Comments