টেট পৰীক্ষাত অৱতীৰ্ণ হবলৈ প্ৰয়োজন নহ'ব বি এড, ডি এল এড ডিগ্ৰী !

tet

নিউজ ডেস্ক :
সুদীৰ্ঘ সাত বছৰৰ পাছত ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব টেট পৰীক্ষা। প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ বাবে চলিত বর্ষৰ অক্টোবৰ-নৱেম্বৰ মাহতে ৰাজ্যৰ শিক্ষা বিভাগে অনুষ্ঠিত কৰিব টেট পৰীক্ষা।এই কথা ইতিমধ্যে জানিবলৈ  দিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।মন্ত্ৰী গৰাকীয়ে কয় যে এইসন্দৰ্ভত অতি সোনকালেই ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰিব সম্পূৰ্ন জাননী। ইয়াৰ উপৰিও শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে পূৰ্বতে টেট পৰীক্ষাত উত্তীৰ্ণ হৈ যি সকলে আজি পৰ্য্যন্ত নিযুক্তি লাভ কৰা নাই সেই সকলেও পুনৰ টেট পৰীক্ষাত অৱৰ্তীন হ'ব লাগিব।

ইফালে টেট পৰীক্ষাত অৱৰ্তীন হবৰ বাবে বি.এড বা ডি.এল.এড  প্ৰয়োজন হ'ব নে নাই সেই সন্দৰ্ভত ব্যাপক উৎকণ্ঠা চলি থকাৰ সময়তে ৰাজ্যৰ শিক্ষা মন্ত্ৰী গৰাকীৰ উদ্ধৃতি দি  একাংশ সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছে যে "টেট পৰীক্ষাত অৱৰ্তীন হ'বৰ বাবে প্ৰাৰ্থীৰ প্ৰয়োজন নহব কোনো বি.ইএড বা ডি.এলইড ডিগ্ৰী"।বাতৰিটোৰ মতে এতিয়াৰ পৰা শিক্ষকৰ চাকৰি লাভ কৰাৰ বাবেহে প্ৰাৰ্থীসকলৰ বি এড বা ডি এল ইড ডিগ্ৰী থাকিব লাগিব, ইয়াৰ উপৰিও বাতৰিটোত উল্লেখ কৰা অনুসৰি প্ৰাৰ্থী সকলে টেট পৰীক্ষাত অৱৰ্তীন হবলৈ উচ্চতৰ মাধ্যমিক বা তাৰ সম পয্যায়ৰ পৰীক্ষাত ৫০%নম্বৰ লাভ কৰিব লাগিব। অৱশ্যে এই পৰ্যন্ত এই সন্দৰ্ভত কোনো চৰকাৰী জাননী প্ৰকাশ হোৱা নাই বুলি জানিব পৰা গৈছে।

ইফালে টেট অনুষ্ঠিত হ'ব বুলি শিক্ষামন্ত্ৰীয়ে কৰা ঘোষণাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে এতিয়া উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ নিবনুৱা সকল।অৱশ্যে শিক্ষা বিভাগৰ টেট পৰীক্ষা সন্দৰ্ভত চূড়ান্ত জাননী প্ৰকাশ পোৱাৰ পাছতহে স্পষ্ট হ'ব সমগ্ৰ বিষয় সমূহ।

Your Comments