আন্ত:ৰাষ্ট্ৰীয় ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত প্ৰভাৱ:ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হ'ব ভাৰত

uno

ভাৰত পুনৰ হ'ব ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য।২০২১-২২ চনৰ কাৰ্যকালৰ বাবে ভাৰত হ'ব ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য।২০২০ চনৰ জুন মাহত ভাৰতক অস্থায়ী সদস্য হিচাপে নিৰ্বাচিত কৰা হ'ব।এছিয়া-প্ৰশান্তসমূহৰ ৫৫ খন ৰাষ্ট্ৰই একেস্বৰে ভাৰতৰ প্ৰাৰ্থিত্বক সমৰ্থন কৰাত সৰ্বসন্মতিক্ৰমে ভাৰত অস্থায়ী সদস্য হিচাপে নিৰ্বাচিত হোৱাটো নিশ্চিত হয়।


উল্লেখ্য যে ইয়াৰ পূৰ্বে ৭ বাৰ ভাৰত নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে নিৰ্বাচিত হৈছিল।অস্থায়ী সদস্য হিচাপে নিৰ্বাচিত হোৱাটোৱে আন্ত:ৰাষ্ট্ৰীয় ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত প্ৰভাৱৰ কথাকে প্ৰমাণ কৰিছে।

Your Comments