নিউজ ডেস্ক:
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটি গৱৰ্ণৰ বিৰল আচাৰ্যই অৱশেষত পদত্যাগ কৰিলে। অৰ্থনৈতিক নীতি সম্পৰ্কীয় বিষয়ত দীৰ্ঘদিনৰে পৰাই কেন্দ্ৰীয় চৰকাৰৰ সৈতে তেওঁৰ তীব্ৰ মতবিৰোধ আছিল যদিও ব্যক্তিগত কাৰণত তেওঁ ইস্তফা দিলে বুলি পদত্যাগপত্ৰত উল্লেখ কৰিছে। লক্ষণীয় যে বিৰল আচাৰ্যই তেওঁৰ কাৰ্যকাল সমাপ্ত হোৱাৰ প্ৰায় আট মাহ পূৰ্বেই ইস্তফা দিলে। অহা ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁৰ কাৰ্যকাল সমাপ্ত হোৱাৰ কথা আছিল।
ইতিমধ্যে বিভিন্ন মহলত প্ৰশ্ন উঠিছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিৎ পেটেলৰ দৰেই তেৱোঁ একেধৰণৰ পৰিস্থিতিৰ ‘চিকাৰ’ হৈ পদত্যাগ কৰিবলগীয়া হ’ল নেকি? কেন্দ্ৰীয় চৰকাৰৰ সৈতে তীব্ৰ মতবিৰোধৰ পৰিপ্ৰেক্ষিততে উৰ্জিৎ পেটেলেও পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। সেই সময়তেই বিৰল আচাৰ্যয়ো পদত্যাগ কৰিব বুলি গুণাগঁথা চলিছিল । কিন্তু তেওঁ ৰৈ গৈছিল। প্ৰাপ্ত বাতৰি মতে সদ্য পদত্যাগ কৰা আচাৰ্যই নিউয়ৰ্কৰ ষ্টাৰ্ণ স্কুল অৱ বিজনেছ-ত অধ্যাপকৰ চাকৰিলৈ উভতি যাব।
ইয়াত উল্লেখ কৰিব পাৰি যে কেন্দ্ৰীয় চৰকাৰৰ বাৰম্বাৰ হস্তক্ষেপৰ কাৰণে ৰিজাৰ্ভ বেংকে স্বাধীনভাবে কামকাজ কৰিব পৰা নাই বুলি ইতিপূৰ্বে ডেপুটি গৱৰ্ণৰ গৰাকীয়ে প্ৰকাশ্যেই অভিযোগ তুলি কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ হৈছিল। সেই সময়ত তেওঁৰ বক্তব্য ছোচিয়েল মিডিয়াতো ভাইৰেল হৈছিল। কেৱল সেয়াই নহয়, অৰ্থনৈতিক বৃদ্ধি আৰু মুদ্ৰাস্ফীতিৰ বিষয়ক লৈ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ লগতো বিৰল আচাৰ্যৰ তীব্ৰ মতবিৰোধ হৈছিল। ইয়াৰ পিছতেই কাৰ্যকাল শেষ হোৱাৰ পূৰ্বেই তেওঁ পদত্যাগ কৰে। কেন্দ্ৰীয় চৰকাৰে সংসদত নতুন বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰাৰ পূৰ্বেই তেওঁৰ পদত্যাগ তাৎপৰ্যপূৰ্ণ বুলি বিভিন্ন মহলে মন্তব্য কৰিছে।
- Log in to post comments
- 13 views