জনিয়া,ৰূপহীহাটৰ দৰে এলেকাত বিজেপিৰ সদস্য  বৃদ্ধিত অধিক গুৰুত্ব দিয়া হ'ব-ৰঞ্জিত দাস

bjp

নিউজ ডেস্ক:
ৰাজ্যিক বিজেপিয়ে ৬ জুলাইৰ পৰা ১১ আগষ্টলৈকে চলাব সদস্যভৰ্তি অভিযান।উল্লেখ্য যে ৰাজ্যিক বিজেপিয়ে অসমত দলটোৰ প্ৰাথমিক সদস্যৰ সংখ্যা ৪০ লাখলৈকে বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে।বৰ্তমান অসমত বিজেপিৰ সদস্য সংখ্যা ২৯ লাখ।

বৰ্তমান বিজেপিৰ যথেষ্টসংখ্যক সদস্য নথকা ৰূপহীহাট,জনিয়া,হাইলাকান্দি আদিৰ দৰে এলেকাসমূহত দলটোৰ সদস্যৰ সংখ্যা বৃদ্ধিত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব বুলি কয় ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসে।

Your Comments