যোগ হৈছে অঞ্চল, সকলো বিশ্বাস আৰু সকলোৰে ঊৰ্ধ্বতঃ মোডী

modi

 

নিউজ ডেস্ক:

যোগ হৈছে অঞ্চলৰ ঊৰ্ধ্বত, সকলো বিশ্বাসৰ ঊৰ্ধ্বত আৰু সকলোৰে ঊৰ্ধ্বত। বিশ্ব যোগ দিৱস উপলক্ষে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত আজি আয়োজিত এক যোগ অনুষ্ঠানত ভাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই মন্তব্য কৰে। ৰাঁচীৰ প্ৰভাত তাৰা পথাৰত পঞ্চম আন্তৰ্জাতিক যোগ দিৱস অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ লগতে প্ৰায় ৪০,০০০ উৎসাহী ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত ভাষণ দি মোডীয়ে কয় যে প্ৰত্যেক ব্যক্তিয়ে গোটেই জীৱন ধৰি যোগ-ব্যায়াম অনুশীলন কৰা উচিত। কেন্দ্ৰীয় চৰকাৰে যোগক ৰোগ প্ৰতিৰোধৰ স্তম্ভ হিচাপে গঢ় দিবলৈ কাম কৰি আছে। আজিকালি তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ ব্যাপকতাত তেওঁ গভীৰ উদ্বেগ প্ৰকাশ কৰে। লগতে কয়, যোগই এই ক্ষেত্ৰত বিৰাট ভূমিকা পালন কৰিব পাৰে। যোগই হৈছে হৃদয়।

প্ৰধানমন্ত্ৰী মোডীয়ে যোগ-ব্যায়ামক সকলো শ্ৰেণীৰ মানুহৰ মাজত লৈ যাবলৈ আহ্বান জনায়। নগৰ-চহৰৰ পৰা গাওঁ আৰু জনজাতি বসতি অঞ্চললৈকে যোগক বিয়পাই দিবলৈও তেওঁ আহ্বান জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও দেশৰ অন্য অঞ্চলত আজি যোগ অনুষ্ঠানত ভাগ লয়। উল্লেখ্য যো ২০১৫ চনৰ পৰা ৰাষ্ট্ৰসংঘৰ সিদ্ধান্ত অনুসৰি প্ৰতি বছৰৰ ২১ জুনৰ দিনটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰা হয়।

Your Comments