নিউজ ডেস্ক:
কংগ্রেছকে ধৰি বিৰোধী দলবিলাকৰ প্ৰবল প্ৰতিবাদ আরু চিঞৰবাখৰৰ মাজতে আজি কেন্দ্ৰীয় আইনমন্ত্ৰী ৰবি শঙ্কৰ প্ৰসাদে লোকসভাত বিতৰ্কিত তিনি তালাক বিধেয়কখন অৰ্থাৎ মুছলিম মহিলাৰ (বিবাহ সম্পৰ্কীয় অধিকাৰ সুৰক্ষা বিধেয়ক) দাখিল কৰে। এই বিধেয়কখনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে তিনিবাৰকৈ ‘তালাক’ উচ্চাৰণ কৰি বা মবাইল ফোন বা অন্য কোনো ইলেকট্ৰনিক মাধ্যমৰ জৰিয়তে মুছলিম পুৰুষৰ দ্বাৰা পত্নীক একপক্ষীয়ভাবে তালাক বা ত্যাগ কৰাৰ অধিকাৰ নিষিদ্ধ কৰাৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে বিগত ষষ্ঠদশ লোকসভাতেই তিনি তালাক বিধেয়কখন গৃহীত হৈছিল যদিও সেইবাৰ ৰাজ্যসভাত চৰকাৰৰ সংখ্যাগৰিষ্ঠতা নথকাত গৃহীত কৰিব পৰা হোৱা নাছিল। ইতিমধ্যে ষষ্ঠদশ লোকসভা ভঙ্গ হোৱাত বিধেয়কখনেই বাতিল হৈ যায়। ফলত সপ্তদশ লোকসভাত বিধেয়কখন নতুনকৈ উত্থাপন কৰিবলগা হৈছে।
বিৰোধী দলবিলাকৰ অভিযোগ, এই বিধেয়কখন একপক্ষীয়। বিৰোধী দলবিলাকে পৰীক্ষা কৰি চাবলৈ পৃথক কমিটী গঠন কৰাৰ দাবী জনাইছিল। কিন্তু চৰকাৰ পক্ষই সেই দাবী পোনে পোনে নাকচ কৰি দিয়ে। বিগত লোকসভাত বিধেয়কখন গৃহীত কৰিব নোৱাৰাত চৰকাৰে তিনি তালাক ৰোধৰ বাবে যোৱা ফেব্ৰুৱাৰী মাহত এখন অধ্যাদেশ জাৰি কৰিছিল। উক্ত অধ্যাদেশ অনুসৰি কোনো মুছলিম পুৰুষে তিনি তালাক উচ্চাৰণ কৰি যদি পত্নীক তালাক দিয়ে তেনেহলে তিনি বছৰৰ কাৰাদণ্ড ভোগ কৰিব লাগিব। এতিয়া বিধি অনুসৰি লোকসভাৰ অধিবেশন আৰম্ভ হোৱাৰ ৪৫ দিনৰ ভিতৰত অধ্যাদেশখনক আইনত পৰিণত কৰিব লাগিব।
বিৰোধী কংগ্ৰেছ দলৰ উপৰি বিজু জনতা দল আৰু এনডিএ-ৰ অংশীদাৰ দল জেডিইউ, জগনমোহন ৰেড্ডিৰ ৱাইএছআৰ কংগ্ৰেছ আৰু অন্য আটাইবোৰ বিৰোধী দলেই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছে। লোকসভাত কংগ্ৰেছৰ শশী থাৰুৰ আৰু এমআইএম দলৰ নেতা আছাউদ্দিন ৱাইছিয়ে চৰকাৰক আক্ৰমণ কৰি কয় যে বিধেয়কখনত মুছলিম পুৰুষসকলৰ সুৰক্ষাৰ কোনো ব্যৱস্থা ৰখা হোৱা নাই। আনহাতে কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শঙ্কৰ প্ৰসাদে বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্ৰত বিৰোধী দলৰ ভূমিকাক চোকা সমালোচনা কৰে। তেওঁ কয়, এয়া কোনো ধৰ্মৰ কথা নহয়, বৰং এয়া মুছলিম মহিলাসকলৰ অধিকাৰৰ প্ৰশ্নহে। চৰকাৰ মুছলিম মহিলাসকলৰ প্ৰতি ন্যায় প্ৰদানৰ বাবে দায়ৱদ্ধ বুলিও তেওঁ মন্তব্য কৰে। লগতে তেওঁ কয় যে শ্ৰীমতী ছোনিয়া গান্ধী কংগ্ৰেছ দলৰ নেত্ৰী, অথচ সেই দলেই সংসদত এই বিধেয়কৰ বিৰোধিতা কৰি আছে।
- Log in to post comments
- 6 views