চট্টিছগড়ত ৬০ লাখ লোকে যোগাভ্যাস কৰি গঢ়িলে অভিলেখ

yoga

পঞ্চম আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসত চট্টিছগড়ত ৬০ লাখ লোকে যোগাভ্যাস কৰি অভিলেখ স্থাপন কৰিলে।মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেলৰ নিৰ্দেশত ৰাজ্যখনৰ বিদ্যালয়,মহাবিদ্যালয়,জিলা মুখ্যালয়সমূহ,নগৰ সমিতি আৰু গাঁও পঞ্চায়ত আদিত বিশেষজ্ঞ যোগাচার্যৰ নেতৃত্বত ৬০ লাখ লোকে যোগাভ্যাস কৰে।


২১ জুনত চট্টিছগড়ত ভাৰতৰ ভিতৰতে সৰ্বাধিক স্থানত এনেদৰে সৰ্বাধিক লোকে সমূহীয়াভাৱে যোগাভ্যাস কৰাটো 'গোল্ডেন বুক অব ৱৰ্ল্ড ৰেকৰ্ডছ'ত অন্তৰ্ভুক্ত হয়।

Your Comments