নিউজ ডেস্ক:
'এখন দেশ-এটা নিৰ্বাচন' বিষয়ত চৰ্চা কৰিবলৈ বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনোৱা সৰ্বদলীয় বৈঠকত একাংশ দলে দেশত লোকসভা নিৰ্বাচন আৰু বিধানসভাৰ নিৰ্বাচন একেলগে হোৱাটোত সমৰ্থন কৰে আৰু আন একাংশ দলে ইয়াৰ বিৰোধিতা কৰে।
শিৰোমণি অকালি দল,টিআৰএছ,
বিজু জনতা দলে 'এখন দেশ-এক নিৰ্বাচন'ৰ সমৰ্থন কৰে।কিন্তু চিপিএম,চিপিআই আদিয়ে ইয়াৰ বিৰোধিতা কৰে।কংগ্ৰেছ, শিৱ সেনা,আম আদমী পাৰ্টি, এআইএডিএমকে,ডিএমকে,এছপি,বিএছপি আদিকে ধৰি ১৪ টা দলে বৈঠকত অংশগ্ৰহণ নকৰিলে।ইফালে,কংগ্ৰেছ,সমাজবাদী পাৰ্টি,বিএছপিয়ে 'এখন দেশ-এটা নিৰ্বাচন'ৰ তীব্ৰ বিৰোধিতা কৰিছে।
- Log in to post comments
- 12 views