কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে আজি পালন কৰিছে তেওঁৰ ৪৯ সংখ্যক জন্মদিন।গান্ধীৰ জীৱনৰ ৪৮ সংখ্যক বছৰটোত লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয় হ'ল।ৰাহুল গান্ধীয়ে বিজেপি তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে ব্যাপক অভিযান চলায়ো কোনো সুফল নাপালে।২৩ মে'ত বিজেপিৰ হাতত কংগ্ৰেছে শোচনীয় পৰাজয় স্বীকাৰ কৰাৰ,আমেথিত নিজেই পৰাস্ত হোৱাৰ ২৮ নম্বৰ দিনটোত বুধবাৰে ৰাহুল গান্ধীয়ে পালন কৰিছে তেওঁৰ ৪৯ সংখ্যক জন্মদিন।
৪৯ সংখ্যক বছৰটো নিশ্চিতভাৱে ৰাহুলৰ বাবে যথেষ্ট প্ৰত্যাহ্বানমূলক হ'ব।ৰাহুলে কেৰেলাৰ ৱাইনাডত বিজেপিৰ বিৰুদ্ধে যুঁজ দি যাব বুলি ৰোড শ্ব'ত কৈছে যদিও কেনেদৰে আৰু কি কৌশলেৰে যুঁজ দিব,সেয়া লক্ষণীয় হ'ব।
লোকসভা নিৰ্বাচনৰ পৰাজয়ৰ পিছত কংগ্ৰেছৰ অধ্যক্ষ পদত থাকিবলৈ নিবিচৰা ৰাহুলে কেৱল এজন সাংসদ হিচাপে কেনেদৰে বিজেপিৰ বিৰোধিতা কৰি যাব,তাক প্ৰত্যক্ষ কৰিবলৈ অপেক্ষাত আছে ৰাজনৈতিক বিশ্লেষণকসকল।
- Log in to post comments
- 12 views