যোৱা ফেব্ৰুৱাৰী মাহৰ মাজভাগত হোৱা ইকনমিক টাইমচ গ্লোবেল বিজনেচ চামিটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰৰ ফলৰ ওপৰত এক দীঘলীয়া বৰ্ণনা দিছিল আৰু “ভাৰত ব্যৱসায়ৰ বাবে খোলা” বুলি ঘোষণা কৰিছিল। তেওঁৰ সূচীখন দীঘলীয়া আছিল সঁচা কিন্তু এনে পৰিসংখ্যাৰ হিমস্খলনে তেওঁৰ “নতুন ভাৰত”ৰ প্ৰধান দুৰ্ব্বলতাসমূহক ঢাকি ৰখাত সহায় কৰিছিল। এই মন্তব্য আন কাৰো নহয় বৰঞ্চ নৱ্য উদাৰ অৰ্থনীতিৰ ঘোৰ সমৰ্থক স্বামীনাথন এছ অংক্লেচাৰিয়া আয়াৰৰ।
প্ৰধানমন্ত্ৰীয়ে কৈছিল যে যেতিয়া তেওঁ ২০১৪ চনত ক্ষমতাত আহিছিল, গোলকীয় বজাৰসমূহে ভাৰতক “ভংগুৰ পাঁচ”ৰ ভিতৰত অন্তৰ্ভূক্ত কৰিছিল। আজি একে বজাৰসমূহে ভাৰতক এক সম্ভাব্য ৫ ট্ৰিলিয়ন ডলাৰ অৰ্থনীতি হিচাপে দেখিছে। ৰেটিং এজেন্সি মোডীয়ে ভাৰতৰ ঋণ মাপকাঠি (Credit Rating) উৰ্ধমুখী বুলি কৈছে। কিন্তু তথাপি প্ৰকৃত নগণ্য মুঠ ঘৰুৱা উৎপাদন (Nominal GDP) বৰ্তমান কেৱল ২.৫ ট্ৰিলিয়ন ডলাৰ, প্ৰধানমন্ত্ৰী মোডীৰ নতুন মাপকাঠিৰ মাত্ৰ আধা। তেওঁ আকৌ কৈছিল যে ক্ষমতালৈ অহাৰ পাছত, তেওঁ বিত্তীয় আৰু চলিত একাউণ্ট ঘাটি কৰ্তন কৰিলে আৰু মুদ্ৰাস্ফীতি নমালে। কিন্তু আনহাতে, গ্ৰাহক মুদ্ৰাস্ফীতি, এবাৰ শতকৰা ২লৈ নামি, পুনৰ ওপৰলৈ উঠিছে আৰু শতকৰা ৫ ভাগৰ সীমা পাৰ কৰিছে। সুদৰ হাৰ গোলকীয় ক্ষেত্ৰত বৃদ্ধি হৈছে আৰু ভাৰতৰ বণ্ড বজাৰত, মূল্যবৃদ্ধিত উৰ্ধ চাঁপ সৃষ্টি কৰিছে। আটাইতকৈ বেয়া যিটে সি হ’ব বাজেটত কৃষকসকলক প্ৰতিশ্ৰুতি দিয়া হৈছে যে সকলো শস্যতে মূ্যনতম সমৰ্থিত মূল্য কিনা সামগ্ৰী আৰু নিয়োজিত পৰিয়ালৰ শ্ৰমৰ মূল্যৰ খৰচৰ কমেও শতকৰা ৫০ ভাগৰ ওপৰত হ’ব। এইখিনিলৈকে বাৰু ঠিকেই আছে। কৃষিভাত খৰচ আৰু মূল্যৰ ওপৰত আয়োগৰ আগৰ চেয়াৰমেন (Commission on Agricultural Costs and Prices) অশোক গুলাটিয়ে দেখুৱাইছে যে যোৱা খাৰিফ শস্যৰ বতৰত, ন্যূনতম সমৰ্থিত মূল্যই লাভ কোৱল ধানৰ বাবে শতকৰা ৩৯, হাইব্ৰীড জোৱাৰত শতকৰা ৯ ভাগ, গোামধানৰ বাবে শতকৰা ৩৭, কপাহৰ বাবে শতকৰা ৩২ ভাগ আৰু বাদামৰ বাবে শতকৰা ৪১ ভাগ আছিল। তেতিয়াৰ পৰা কিনা সামগ্ৰীৰ দাম বহু বাঢ়িল আৰু বিশেষকৈ ডিজেল আৰু সাৰৰ। যদি তাৰ ওপৰত লাভ শতকৰা ৫০ ভাগলৈ বৃদ্ধি কৰা হয়,খাৰিফ শস্যৰ মূল্য সাংঘাটিকভাৱে বাঢ়িব। ভাৰতীয় মুদ্ৰাস্ফীতি খাদ্য বস্তুৰ দামৰ লগত জড়িত। সেয়েহে, ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনলৈ ৰাজনৈতিকভাৱে সংবেদনশীল দৌৰত মুদ্ৰাস্ফীতিৰ দৃষ্টিকোণে মোডীৰ বাবে আশাৰ বতৰা আনিব নোৱাৰে।
মোডীয়ে বিশ্ববেংকৰ “Ease of Doing Business” সূচীত ভাৰতৰ উন্নত স্থানৰ কথা উল্লেখ কৰিছে। বৰ্তমান প্ৰকৃততে কোনো গোলকীয় বহুজাতিয় কোম্পানী ভাৰতলৈ অহা নাই। তেওঁ কৈছে যে যোৱা চাৰি বছৰত ২০৯ বিলিয়ন ডলাৰ বিদেশী প্ৰত্যক্ষ বিনিয়োগ ভাৰতলৈ আহিছে যিটো কংগ্ৰেছৰ শাসনতকৈ বহু বেছি। কিন্তু এই বিনিয়োগে কিমানখিনি সাধাৰণ মানুহৰ স্বাৰ্থত ব্যৱহাৰ হৈছে। সেয়া এক প্ৰশ্ন। তেওঁ কৈছে যে তেওঁৰ “মে’ক ইন ইণ্ডিয়া” আঁচিন সফল হৈছে কিন্তু কাৰ্য্যতঃ কৰ্ম সৃষ্টি প্ৰতিশ্ৰুতিৰ ১০০ নিযুতৰ ওচৰে-পাজৰেও নাযায়। পুনৰ তেওঁ কৈছে যে ম’বাইল ফোন তৈয়াৰ কৰোতাৰ সংখ্যা ৩ৰ পৰা ১২০লৈ বাঢ়িছে। কিন্তু এই কথাখিনি কোৱা নাই কিয় তেনেহ’লে তেওঁ ফোন আৰু ইয়াৰ অংশসমূহৰ ওপৰত আমদনি শুল্ক বঢ়ালে?
তেওঁ নীৰব মোডীৰ দ্বাৰা বেংকৰ ধন আত্মসাৎ কৰা আৰু বেংকসমূহক দুৰ্ব্বল কৰাৰ ক্ষেত্ৰত মৌন হৈ আছে। তেওঁ ৰিজাভ বেংকে বেয়া ঋণসমূহৰ বাবে চিনাক্তকৰণৰ পাছত তাৰ বাবে আচুতীয়াকৈ বেলেগে ভৱিষ্যতৰ বাবে ব্যৱস্থা কৰাৰ (provisioning) নিয়ম কঠোৰ কৰাৰ ওপৰত কোনো কথা কোৱা নাই। ৰাজহুৱা বেংকসমূহক এনে ব্যৱস্থাই আৰু বিশেষকৈ ষ্টেট বেংক অব ইণ্ডিয়া আৰু বেংক অব বৰোদাৰ অভিলেক লোকচান হোৱা ত্ৰিমাহীক প্ৰতিবদনত ওলাইছে। বেৌকসমূহক মূলধন যোগান অত্যন্ত কম হোৱাৰ ফলত হিাপ সমীকৰণ পত্ৰৰ সমস্যা শেষ হোৱা নাই। এনেকি বিদেশৰ ধনৰ বন্যাইও বিত্তীয় ঘাটি আৰু ব্যৱসায়ৰ বৃদ্ধিত কোনো প্ৰভাৱ পেলোৱা নাই। ৪০০ কল্যাণকামী আঁচনিৰ ঢাক-ঢোল বজোৱা হৈছে য’ত ৫০০ নিযুত মানুহ জড়িত। বৰ্তমান ৩০০ নিযুত জনধন একাউণ্টত হেজাৰ কোটি টকা আছে। মুদ্ৰা আঁচনিত ৪০ নিযুত পাওঁতাৰ দাবী কৰা হৈছে। কৃষকসকলে হেনো ১১০ নিযুত মাটিৰ স্বাস্থ্যৰ কাৰ্ড পাইছে। আকৌ দাবী কৰা হৈছে যে নতুন জাতীয় স্বাস্থ্য ৰক্ষা আঁচনিয়ে ৫০০ নিযুত মানহক আবৰি ল’ব। কিন্তু এইটো স্বীকৰা কৰা নাই প্ৰধানমন্ত্ৰীয়ে যে ১২ হেজাৰ কোটিৰ খৰচ মাত্ৰ মুঠ ঘৰুৱা উৎপাদনৰ ০.৭৫ ভাগহে। তেওঁ গৌৰৱ কৰি কৈছিল যে ৮০০ বিধ ঔষধৰ মুল্য যাতে নাবাঢ়ে তাৰ ব্যৱস্থা কৰিছে আৰু হৃদৰোগৰ বাব হাটষ্টেণ্টৰ দাম শতকৰা ৮০ ভাগ কমিছে। কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা যায় যে প্ৰতিমাহে ঔষধসমূহৰ দাম বাঢ়ি আছে। মোডীয়ে জোৰ দি কৈছিল যে ভাৰত “ব্যৱসায়ৰ বাবে খোলা”। ইয়ে বুজায় যে ভাৰত বিধেশী বিনিয়োগৰ বাবে খোলা কিন্তু আমদানিৰ বাবে নহয়। ডোনাল্ড ট্ৰাম্পৰ জনপ্ৰিয় কৰ্মৰ চাঁপে আমেৰিকাত তেওঁক চেপি ধৰিছে আৰু মোডীকো ভাৰতত তেনেদৰে চেপি ধৰিছে।
বৰ্তমান ৰাজনীতিত প্ৰতিটো ৰাজনৈতিক দলৰ মূল্ লক্ষ্য হ’ল নিৰ্ব্বাচন জিকা। এই দলসমূহৰ নেতাসকলে সামাজিক পৰিৱৰ্তনৰ ৰথৰ চকা ঘূৰোৱাৰ পৰিকল্পনা নকৰে। ইয়াৰ কাৰণ হ’ল দলবোৰে ভোট মেচিনৰ প্ৰতি ৰখা নজৰ। ধৰ্ম-নিৰপেক্ষতাক কংগ্ৰেছেও এতিয়া ভোট জিকাৰ বাবে এৰাই চলা যেন লাগে যিহেতু ৰাহুল গান্ধীয়ে “নৰম হিন্দুত্ব”ৰ চোলা পিন্ধি মন্দিৰে ঘূৰিছে। অৰ্থাৎ মুছলমানক ধৰ্ম নিৰপেক্ষতাৰ এক অংশীদাৰ হিচাপে কংগ্ৰেছে চিনাক্ত কৰাৰ ফলত এতিয়া হিন্দুসকলক একাষৰীয়া কৰাৰ ভয়ত ভুগিছে। ১৯২০ৰ দশকত মোহনদাস গান্ধীৰ অসহযোগ আন্দোলন হঠাতে স্থগিত ৰখা আৰু হিন্দু জাতীয়তাবাদৰ গইনালৈ সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱা ঘটনাই গান্ধী আৰু কংগ্ৰেছক সমানে উদ্বিগ্ন কৰিছিল। কিন্তু তথাপি “সাংস্কৃতিক জাতীয়তাবাদ”ৰ ওচৰত সেও মনা নাছিল। কিন্তু যদি মুছলমানসকলক ৰাজনৈতিক ক্ষেত্ৰৰ পৰা এঘৰীয়া কৰা হয় আৰু ৯০ বছৰ আগৰ কংগ্ৰেছৰ ধাৰাত ব্যাঘাত জন্মে, বিজেপিক শতকৰা ৮০ ভাগৰ ১০০ শতাংশই ৰাজনৈতিক ভোটৰ জালত এৰি দিয়া হ’ব। সাম্প্ৰদায়িক ডাংগা, ভয় দেখুৱাই দলিত আৰু পিছপৰা শ্ৰেণীৰ ভোট আদায়ৰ চেষ্টা কৰিব।
নিবনুৱা সমস্যা, মুল্যবৃদ্ধি, আঞ্চলিক ভিত্তিত উন্নয়নত হেঙাৰ এই আটাইবোৰেই বৰ্তমান ভাৰতত আঞ্চলিক দলসমূহক বিজেপিৰ বিৰুদ্ধে থিয় কৰাইছে। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ বিজেপিৰ সংগ ত্যাগ, উত্তৰ প্ৰদেশত বহুজন সমাজবাদী পাট্ৰিৰ জোঁট এইক্ষেত্ৰত লক্ষণীয়। অসমত ক্ষমতাৰ ৰাগীত মতলীয়া হৈ অগপ দলটোৱে লোৱা দুমুখীয়া অৱস্থান অৰ্থাৎ ৰাজপাট ভোগ কৰিব আৰু আঞ্চলিকতাবাদৰ আৱাজ দিব ই দুভাগ্যজনক। পিচে জনসাধাৰণে এনে দুমুখীয়া নীতিক সমৰ্থন নকৰে আৰু তাৰ ফলাফল আঞ্চলিকতাবাদৰ যোগেদি সৰ্ব্বভাৰতীয় দলসমূহৰ অসমখনৰ ভৌগোলিক সীমাৰেখাকে ধৰি জাতীয় সম্পদ লুটি লৈ জাতীয় দুৰ্যোগ নমোৱাৰ প্ৰচেষ্টাক বিৰোধ কৰি আহিছে। সৰু-সুৰা জাতি-জনজাতিক উপেক্ষা, জনসাধাৰণৰ মতৰ বিৰুদ্ধে নদীবান্ধ আৰু হেজাৰ সমস্যাক বিজেপি দলে আওকাণ কৰিছে। জাতিৰ স্বাৰ্থৰ ওপৰত ব্যক্তি হ’ব নোৱাৰে আৰু অসমৰ ৰাইজে এক সংঘবদ্ধ সংগ্ৰামৰ মাজেৰে আঞ্চলিক ভেটি মজবুত কৰিব আৰু প্ৰগতিশীল, ধৰ্ম নিৰপেক্ষ, গণতান্ত্ৰিক শক্তিৰ লগত সুস্থ চিন্তাৰে বাট বুলিব বুিল আমি আশা পুহি ৰাখিছো।
আজি এক বিকল্প অৰ্থনীতি আৰু জনসাধাৰণৰ কল্যাণকামী ৰাজনীতিৰ অত্যন্ত প্ৰয়োজন আহি পৰিছে।
- Log in to post comments
- 76 views
