ক্ষুদ্ৰ মাজুলী চাই যদি শংকৰদেৱ কলাক্ষেত্ৰলৈ আহক 

majuli

নিউজ ডেস্ক :
ভক্তি ৰসত বুৰ গৈছে শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰ । এক আধ্যাত্মিক পৰিৱেশে এতিয়া বিৰাজ কৰিছে সমগ্ৰ কলাক্ষেত্ৰৰ বাকৰি। বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হৈছে শ্ৰী শ্ৰী বদলা পদ্ম আতা পুৰুষৰ ৪৭৩ সংখ্যক জন্ম জয়ন্তী তথা সত্ৰীয়া সংস্কৃতিক সমাৰোহ ২০১৯ । 
        মাজুলীৰ সত্ৰৰ পৰিৱেশ জীৱন্ত ৰূপত দেখুৱাবলৈ কলাক্ষেত্ৰৰ বাকৰিত এই আৰ্হি সত্ৰ সমূহ সজাই তোলা হৈছে। বৃহস্পতিবাৰে পুৱা সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দ্দন গোস্বামীয়ে ধৰ্ম ধ্বজা উত্তোলন কৰে। আৰু তাৰ পিছতেই এক বৰ্ণিল শোভাযাত্ৰা উলিওৱা হয়। 
     অনুষ্ঠানটোৰ লগত সংগতি ৰাখি সত্ৰীয়া সংস্কৃতিৰ সৈতে জড়িত থকা বস্তু সমূহৰ এক প্ৰদৰ্শনীও কৰা হৈছে। majuli2
       কলাক্ষেত্ৰত ক্ষুদ্ৰ মাজুলী নিৰ্মান কৰিছে নুৰুদ্দিন আহমেদে। নুৰুদ্দিন আহমেদে সম্পূৰ্ণ নিৰ্মান কাৰ্য্যৰ কথা উল্লেখ কৰি কয় যে যি সকল লোকে মাজুলিলৈ যাব নোৱাৰে তেওঁলোকৰ বাবে এই আৰ্হি বনোৱা হৈছে । 
    তেওঁ লগতে কয় যে গুৰু জনাৰ অমূল্য সৃষ্টি নামঘৰকে আদি কৰি চাৰি হাতী, ভকতৰ বহা আদি সকলো ইয়াত নিৰ্মান কৰা হৈছে।  বিশেষকৈ নতুন প্ৰজন্মই যাতে গুৰু জনাৰ সৃষ্টিৰাজিৰ বিষয়ে কিছু কথা জানিব পাৰে তাৰ বাবেই কৰা হৈছে এই ব্যৱস্থা। 
      তিনিদিনীয়াকৈ অনুষ্ঠিত এই জন্ম জয়ন্তীত ভাওনা, ৰজা ঘৰিয়া চালি নৃত্য প্ৰদৰ্শন, ঝুমুৰা নৃত্য আদিও প্ৰদৰ্শন কৰা হ'ব ।majuli5

Your Comments