নগাঁও আদালতত হাজিৰ নহ'ল অভি-নীল হত্যাকাণ্ডৰ চাক্ষুষ সাক্ষী

avi nil

নগাঁৱৰ পৰা ৱাহিদুদ জামান


সমগ্ৰ দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ অন্যতম চাক্ষুষ সাক্ষী নোমল বসুমতাৰীয়ে পূৰ্বে দণ্ডাধীশৰ আগত দিয়া ভাষ্যৰ পৰিপন্থী স্থিতি গ্ৰহণ কৰাত নগাঁও আদালতে তেওঁৰ সাক্ষ্যৰ 'ক্ৰচ্ এগজামিনেশ্বন' কৰাৰ বাবে আজিৰ দিনটো ধাৰ্য কৰিছিল যদিও আদালতে প্ৰেৰণ কৰা জাননীখন সঠিকভাৱে নোপোৱাৰ বাবেই তেওঁ  আদালতত অনুপস্থিত থাকে। 

জানিব পৰা মতে, ডকমকা আৰক্ষীৰ গাফিলতিৰ বাবে নোমল বসুমতাৰীয়ে আদালতৰ জাননীখন লাভ নকৰিলে। যাৰ ফলত আজি চৰকাৰী অধিবক্তাই বসুমতাৰীক জেৰা কৰিব নোৱাৰিলে। ফলত নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ ৰীতা ক'ৰৰ আদালতে অহা ২৯ জুনৰ দিনটো পৰৱৰ্তী দিন ধাৰ্য কৰি নোমল বসুমতাৰীক সোঁশৰীৰেৰে আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়ে। সেই দিনাই তেওঁক চৰকাৰী অধিবক্তাই তন্নতন্নকৈ (ক্ৰচ এগজামিনেশ্বন)ৰ আধাৰত কৰিব। অভি-নীল হত্যাকাণ্ডৰ গোচৰটোৰ খৰতকীয়া বিচাৰৰ বাবে আদালতে অহা জুলাই মাহৰ পৰা ব্যৱস্থা গ্ৰহণ  কৰিছে।
  

স্মৰ্তব্য যে, সমগ্র দেশ কঁপোৱা ডকমকাৰ অভি-নীল হত্যাকাণ্ডৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ অন্যতম চাক্ষুষ সাক্ষী আছিল নোমল বসুমতাৰী। গোচৰটোৰ তেওঁ ১৭ নম্বৰ সাক্ষী আছিল। বিগত বৰ্ষত তেওঁ ফৌজাদাৰী বিধিৰ ১৬৪ ধাৰাৰ অধীনত দণ্ডাধীশৰ সন্মুখত সাক্ষ্যদান কৰিছিল। কিন্তু নগাঁও জিলা আৰু সত্ৰ ন্যায়ধীশৰ আদালতত চলা বিচাৰ প্ৰক্ৰিয়াৰ শুনানিৰ সময়ত গোচৰটোৰ ১৭ নম্বৰ সাক্ষী নোমল বসুমতাৰীয়ে আদালতত নিজৰ ভাষ্য সলনি কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত সংশ্লিষ্ট সাক্ষীজনক জেৰা চলোৱাৰ প্ৰয়োজন থকা বুলি চৰকাৰী অধিবক্তাই নগাঁও জিলা আৰু  সত্ৰ ন্যায়ধীশৰ আদালতত এখন আবেদন দাখিল কৰিছিল। সেই আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে সাক্ষী জনক 'ক্ৰচ্ এগজামিনেশ্বন' কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে তেওঁক জেৰাৰ বাবে ১২ জুন অৰ্থাৎ আজিৰ দিনটো ধাৰ্য কৰিছিল।


পিছত অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ অন্যতম অভিযুক্ত ভাগ্যৰাম বাগলাৰীসহ তিনি অভিযুক্ত আবেদনকাৰীয়ে নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ৭ জুনৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৯৪১/২০১৯ নম্বৰত এখন 'ক্ৰিমিনেল পিটিচন' দাখিল কৰে। কিন্তু সেই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে আবেদন খাৰিজ কৰি নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ৰায়টোকে বাহাল ৰাখে। যাৰ বাবে আজি নগাঁৱৰ সংশ্লিষ্ট আদালতখনে 'ক্ৰচ এগজামিনেশ্বন'ৰ দিন ধাৰ্য কৰিছিল যদিও গোচৰৰ অন্যতম চাক্ষুষ সাক্ষীজন জাননী লাভ নকৰাৰ বাবে আজি উপস্থিত থাকিব নোৱাৰিলে। 


উল্লেখ্য যে অভিজিৎ নাথ আৰু নিলোৎপল দাস হত্যাকাণ্ডৰ গোচৰটোৰ গোচৰীয়া পক্ষৰ হৈ চৰকাৰী অধিবক্তা জে কামাৰ আৰু অভিযুক্ত পক্ষৰ হৈ অধিবক্তা মানস শৰনীয়াই আদালতত যুক্তি প্ৰদৰ্শন কৰে। 


ন্যায়পালিকাই আমাক সুবিচাৰ দিব: নিলোৎপলৰ পিতৃ
 
আজি নগাঁও আদালত চৌহদত সাংবাদিকৰ আগত নিলোৎপল দাসৰ পিতৃ ভূৱন চন্দ্ৰ দাসে কয়,'সাক্ষীয়ে নিজা ভাষ্য সলনি কৰাত আমি কিছু শংকিত হৈছো। কিন্তু আমাৰ আশা আছে ন্যায়পালিকাই আমাক সুবিচাৰ দিব। আমাৰ ন্যায়পালিকাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। আগন্তুক ৬ মাহৰ ভিতৰত আমি প্ৰকৃত ন্যায় পাম বুলি আশাবাদী।'

Your Comments