আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা যুৱৰাজ সিঙৰ

juba

নিউজ ডেস্ক :

আইচিচি বিশ্বকাপ ক্ৰিকেটৰ উন্মাদনাই সমগ্ৰ বিশ্বক আলোড়িত কৰি ৰখাৰ সময়তে  আন্তৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে ভাৰতীয় ক্ৰিকেটৰ অন্যতম তাৰকা যুৱৰাজ সিঙে। ২০০০ চনত কেনিয়াৰ বিৰুদ্ধে জাতীয় দলৰ হৈ আন্তৰ্জাতিক ক্রিকেটত অভিশেষ ঘটিছিল পাঞ্জাৱৰ অল ৰাউণ্ডাৰ গৰাকীৰ। তাৰ পাছতে শ্ৰেষ্ঠত্ব উজাৰি খেলি গৈছিল ইখনৰ পাছত সিখন খেল। উল্লেখ্য যে বিভিন্ন সময়ত ভাৰতীয় দলৰ জয়ত মূখ্যভূমিকা গ্ৰহণ কৰিছিল অল ৰাউণ্ড খেলুৱৈ যুৱৰাজ সিঙে।সেই অনুসৰি ২০০৭ চনত মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত ভাৰতীয় দলে প্ৰথমবাৰ টি-২০ বিশ্বকাপ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা আছিল যুৱৰাজ সিঙৰ।সেই টুৰ্ণামেণ্টখনতে অলৰাউণ্ডাৰ যুৱৰাজে ইংলেণ্ডৰ বেগী বলাৰ ষ্টুৱাৰ্ট বৰ্ডৰ ছয়টা বলত ৬টা ছিক্সকোবাই ক্ৰিকেট বিশ্বত এক বিৰল কৃতিত্বৰ গৰাকীৰ হৈছিল।যি অভিলেখ আজি পয্যন্ত কোনো ক্ৰিকেটাৰে আন্তৰ্জাতিক ক্ৰিকেটত ভংগ কৰিব পৰা নাই। সেই টুৰ্ণামেণ্ট খনত  যুৱৰাজ সিঙে ৬টা ইনিংছত মুঠ ১৪৮ ৰাণ সংগ্ৰহ কৰাৰ উপৰিও এটা উইকেট দখল কৰি মেন এফ দা টুৰ্ণামেন্ট খিতাপো লাভ কৰিবলৈ সক্ষম হৈছিল। একেদৰে ২০১১ চনৰ ক্ৰিকেট বিশ্বকাপত ভাৰতীয় দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল যুৱৰাজ সিঙে। টুৰ্ণামেণ্ট খনত খেলুৱৈ গৰাকীয়ে ৩৬২ ৰাণ কৰাৰ উপৰিও ১৫টাকৈ উইকেত দখল কৰি মেন অৱ দা মেচৰ সন্মান লাভ কৰিছিল।yubaraj

উল্লেখ্য যে  যুৱৰাজ সিঙে আন্তৰ্জাতিক ক্ৰিকেটত দেশৰ হৈ ৩০৪খন এদিনীয়া খেলি ৮৭০১ৰাণ সংগ্ৰহ কৰিছিল।য'ত আছে ১৪টা শতক আৰু ৫২টাকৈ অৰ্ধ-শতক।ইয়াৰ উপৰিও ৪০খনকৈ টেষ্ট ক্ৰিকেটত ভাৰতীয় দলৰ হৈ অৱৰ্তীন হৈ ১৯০০ৰাণ সংগ্ৰহ কৰি থৈছে ক্ৰিকেটাৰ গৰাকীয়ে। য'ত আছে তিনিটাকৈ শতক।গুৰুত্বপূৰ্ণ কথা এই যে টেষ্ট ক্রিকেটৰ তিনিওটা শতকে তেওঁ পাকিস্তানৰ বিপক্ষে কৰিছিল।ইয়াৰ উপৰিও ৫৮খন আন্তঃৰাষ্টীয় টি২০ খেল খেলি যুৱৰাজে সংগ্ৰহ কৰিছিল ১১৭৭ৰাণ ,য'ত আছে ৮টাকৈ অৰ্ধ শতক। ইফালে এদিনীয়াত ১১১টা, টেষ্ট ক্ৰিকেটত ৯টা আৰু টি২০ ক্ৰিকেটত ২৮টাকৈ উইকেত দখল কৰিছিল। উল্লেখ্য যে খেলুৱৈ গৰাকীয়ে শেষৰ বাৰৰ বাবে আন্তৰ্জাতিক ক্ৰিকেটত জাতীয় দলৰ হৈ অংশগ্ৰহণ কৰিছিল ২০১৭ চনৰ জুন মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে।

প্ৰণিধানযোগ্য যে খেলুৱৈ গৰকীয়ে আজি অৱসৰৰ কথা চাউথ মুম্বাই হোটেলত এক সংবাদ মেল অনুষ্ঠিত কৰি ঘোষণা কৰিছে। 

ইফালে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও আইচিচিৰ স্বীকৃতি প্ৰাপ্ত বিদেশী টি ২০ ক্ৰিকেটত ফিলান্স কেৰিয়াৰ আৰম্ভ  কৰিব কৰিব বুলিও প্ৰকাশ কৰে যুৱৰাজ সিঙে।

Your Comments