নিউজ ডেস্কঃ
যৌন নির্যাতনৰ গুৰুতৰ অভিযোগত অভিযুক্ত প্ৰৱক্তাক এইবাৰ নিযুক্তি দিয়া হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গৃহ সমষ্টিত প্ৰস্তাৱিত সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদত। এই কথা আজি এক সংবাদ মেলত জানিবলৈ দিয়ে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতি অংকিতা দত্তই। সংবাদ মেলত সম্বোধন কৰি অংকিতা দত্তই কয়, মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্পৰ হিচাপে পৰিচিত মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ত যোৱা ২৮ মে'ত নিযুক্তি দিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰৱক্তা ডক্টৰ ডম্বৰুধৰ নাথৰ বিৰুদ্ধে ২০১৬ চনৰ নৱেম্বৰ মাহতে উত্থাপিত হৈছিল পৰীক্ষাত নম্বৰৰ প্ৰলোভনেৰে ছাত্ৰীক যৌন নিৰ্যাতনৰ চলোৱাৰ গুৰুতৰ অভিযোগ। বিশ্ববিদ্যালয় খনৰ এগৰাকী বুৰঞ্জী বিভাগৰ ছাত্ৰীয়ে তেতিয়াৰ প্ৰৱক্তাৰ গৰাকীৰ বিৰুদ্ধে অভিযোগ উথাপন কৰিছিল। মঙ্গলবাৰে সংবাদ মেলত অংকিতা দত্তই জানিবলৈ দিয়ে প্ৰৱক্তাৰ ডম্বৰুধৰ নাথৰ পৰা কেনেদৰে ছাত্ৰী গৰাকীৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হ’ব লগা হৈছিল। সেই সম্পৰ্কে ছাত্ৰী গৰাকীয়ে আইন অনুসৰি বিশ্ববিদ্যালয়ৰ "ইণ্টাৰনেল কমপ্লেন কমিটীৰ" ওচৰত লিখিতভাৱে অভিযোগ দাখিল কৰিছিল। ইয়াৰ উপৰি ছাত্ৰী-গৰাকীয়ে প্ৰমাণ হিচাপে কমিটীৰ ওচৰত ভিডিঅ ৰেকৰ্ডিং আৰু ফোন ৰেকৰ্ডিং দাখিল কৰিছিল। কিন্তু তাৰ পাছত ছাত্ৰী গৰাকীৰ অভিযোগৰ ভিত্তিত বিশ্ববিদ্যালয় কমিটীখনে এক বৈঠক আহ্বান কৰিছিল। কিন্তু অতি পৰিতাপৰ কথা, সেই বৈঠকত ছাত্ৰীগৰাকী উপস্থিত থকাৰ পাছতো অভিযুক্ত বুৰঞ্জিৰ বিভাগৰ সেই সময়ৰ প্ৰৱক্তা ডক্টৰ ডম্বৰধৰ নাথ উপস্থিত থকা নাছিল। তাৰ পাছত পুনৰ ছাত্ৰী গৰাকীক কমিটীৰ ফালৰ পৰা অভিযোগ উঠাই লোৱাৰ বাবে নির্দেশ প্ৰদান কৰিছিল। কিন্তু ভুক্তভোগী ছাত্ৰী গৰাকীয়ে কোনো কাৰণেত অভিযোগপত্ৰ উঠাই লোৱা নহয় বুলি ২০১৭ চনৰ এপ্ৰিল মাহত বিশ্ববিদ্যালয় খনৰ অসমীয়া বিভাগৰ প্ৰধ্যাপিকা ডক্টৰ পল্লৱী ডেকা বুজৰবৰুৱাক সম্বোধন কৰি পুনৰ পত্ৰ প্ৰেৰণ কৰিছিল। তাৰ পাছতে সেই বর্ষৰে ২১ এপ্ৰিলত বিশ্ববিদ্যালয় খনৰ পঞ্জীয়কে ছাত্ৰী গৰাকীক পুনৰ অভিযোগ পত্ৰ উঠাই লোৱাৰ বাবে লিখিতভাৱে পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু ছাত্ৰী গৰাকীয়ে অভিযোগ উঠাই লোৱা নাছিল।
ইফালে লক্ষণীয় কথা এই যে ছাত্ৰী গৰাকীয়ে প্ৰৱক্তাৰ নাথৰ বিৰুদ্ধে প্ৰথম অভিযোগ পত্ৰ দাখিল কৰাৰ ১৫ দিনৰ পাছতে স্বাস্থ্যজনিত অজুহাত দেখুৱাই স্বেচ্ছামূলকভাৱে প্ৰৱক্তাৰ পদৰ পৰা অব্যাহতিৰ বাবে আৱেদন জনায় বিশ্ববিদ্যালয়ৰ পঞ্জীয়কক । তাৰ পাছত পঞ্জীয়কে তেওঁ আৱেদন গ্ৰহণ কৰি চাকৰিৰ পৰা অব্যাহতি দিয়ে। গুৰুত্বপূৰ্ণ কথা এই যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্বাস্থ্যজনিত কাৰণত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি প্ৰৱক্তা নাথে পুনৰ অৰুণাচলৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ত এটা চেমিষ্টাৰ ভিজিটিং প্ৰৱক্তা হিচাপে পাঠদান কৰাইছিল যদিও পাছত ফেচিআই(FASHEI) অভিযোগৰ ভিত্তিত পুনৰ তেওঁক ৰাজীৱ গান্ধীৰ বিশ্ববিদ্যালয় পৰা অব্যাহতি দিয়া হয়।
ইফালে এই সন্দৰ্ভত আজি সংবাদ মেলত অংকিতা দত্তই কয় যে ‘বেটি বচাও, বেটি পঢ়াও’ কথা কোৱা চৰকাৰে এনে এক গুৰুতৰ অভিযোগত অভিযুক্ত এগৰাকী ব্যক্তিক মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয় দৰে এক সন্মানজনক শিক্ষানুষ্ঠানত উপাচাৰ্য হিচাপে নিযুক্তি দি নাৰীৰ প্ৰতি অৱজ্ঞাহে কৰিছে।
লগতে অভিযুক্ত প্ৰৱক্তাৰ ডক্টৰ ডম্বৰুধৰ নাথৰ সন্দৰ্ভত প্ৰশ্ন উথাপন কৰি আজি সংবাদ মেলত তেওঁ কয় স্বাস্থ্যজনিত কাৰণত প্ৰৱক্তাৰ পদৰ পৰা অব্যাহতি লোৱা নাথে কিদৰে এতিয়া পালন কৰিব পাৰিব মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দৰে গুৰু দায়িত্ব।
- Log in to post comments
- 43 views