আন্ত:ৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা আৰু ভাৰতীয় শ্ৰম মন্ত্ৰালয়ৰ তত্ত্বাৱধানত আৰু পৰিচালনাত উত্তৰ প্ৰদেশ ৰাজ্যৰ নইডা চিটিত অবস্থিত ভি ভি গিৰি নেচনেল লেবাৰ ইনষ্টিটিউটত ৩-৭ জুনলৈ উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যসমুহৰ লিংগ, কৰ্ম আৰু সামাজিক সুৰক্ষাৰ পাঁচদিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত হৈছে।
উক্ত প্ৰশিক্ষণত অসমৰ আগশাৰীৰ অনা চৰকাৰী অনুষ্ঠান 'যুৱ প্ৰয়াস'ৰ তৰফৰ পৰা প্ৰতিনিধিত্ব কৰিছে সমাজ কৰ্মী ক্ৰমে অৰ্চিতা কলিতা, বিক্ৰম কলিতা, জুৰি কলিতা মেধি, সুমিত্ৰা দেৱী, চুমকী সৰকাৰ, দীপেন বড়ো, মন্টু বড়ো, কবিতা বড়ো, ফুলমতি বসুমতাৰী আৰু পিংকী বড়োৱে ৷উক্ত প্ৰশিক্ষণত উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্য ক্ৰমে অসম, মণিপুৰ, ত্ৰিপুৰা, মেঘালয়ৰ মুঠ ৩৪গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে।
- Log in to post comments
- 54 views