নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
অসম ফুটবল সন্থাৰ তত্ত্বাৱধানত অহা ১৫ আৰু ১৬ জুনত শাৰীৰিক সক্ষমতা আৰু লিখিত পৰীক্ষাৰ আয়োজন কৰা হৈছে । সেই অনুসৰি অহা ১৫ জুনত কেটেগৰী ৪ আৰু ৩ ৰেফাৰীৰ শাৰীৰিক সক্ষমতা আৰু লিখিত পৰীক্ষাৰ লগতে ১৬জুনত
সক্ৰিয় খেল পৰিচালকৰ শাৰীৰিক সক্ষমতা পৰীক্ষা অনুষ্ঠিত হ'ব । উক্ত পৰীক্ষাত অংশগ্ৰহণৰ বাবে তিনিচুকীয়া
জিলা ক্ৰীড়া সন্থাৰ তত্ত্বাৱধানত ৰবিবাৰে বৰগুৰিৰ জানমুখ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প ষ্টেডিয়ামত খেল পৰিচালকৰ শাৰীৰিক সক্ষমতা পৰীক্ষা সম্পন্ন হৈ যায় । ৰবিবাৰৰ এই পৰীক্ষাত তিনিচুকীয়া জিলাৰ ভালেসংখ্যক খেল পৰিচালক অৱতীৰ্ণ হৈ উত্তীৰ্ণ হয় বুলি জিলা ক্ৰীড়া সন্থাৰ ফুটবল ৰেফাৰী ব'ৰ্ডৰ সম্পাদক নীলকান্ত ফুকনে জনাইছে ।
পৰীক্ষাৰ অন্তত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ ৰেফাৰী ব'ৰ্ডৰ জেষ্ঠ ৰেফাৰী মনোজ কুমাৰ গগৈ উপস্থিত থাকি ফুটবলৰ ন ন পদ্ধতিসমূহৰ ওপৰত বক্তব্য প্ৰদান কৰে । শাৰীৰিক সক্ষমতা পৰীক্ষা অনুষ্ঠানত ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্যশিল্পী বীৰেন সিংহৰ লগতে অসম ফুটবল সন্থাৰ উপ-সভাপতি অৰুণজ্যোতি মৰাণ,তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি শংকৰ গুপ্ত,ৰেফাৰী ব'ৰ্ডৰ সম্পাদক নীলকান্ত ফুকন,বদৌচা স্পৰ্টছ ক্লাৱৰ সাধাৰণ সম্পাদক জয়ন্ত দহোটীয়া, বৰগুৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক বিনন্দ বৰুৱা উপস্থিত থাকে । উল্লেখযোগ্য যে কেটেগৰী ৪ আৰু ৩ ৰেফাৰীৰ শাৰীৰিক সক্ষমতা আৰু লিখিত পৰীক্ষাৰ লগতে সক্ৰিয় খেল পৰিচালকৰ পৰীক্ষা গুৱাহাটীত অনুষ্ঠিত হ'ব অসম ফুটবল সন্থাই জনাইছে ।
- Log in to post comments
- 6 views