'সাহিত্য-সংস্কৃতিৰ বৃহত্তৰ মঞ্চ,অসম'ৰ অধিৱেশন সম্পন্ন

sahitya

সামাজিক মাধ্যমত একত্ৰিত হৈ অসমৰ সাহিত্য-সংস্কৃতিৰ চর্চা কৰাৰ সংকল্পৰে গঠন হোৱা 'সাহিত্য-সংস্কৃতিৰ বৃহত্তৰ মঞ্চ,অসম'ৰ প্ৰথম বাৰ্ষিক অধিৱেশনখন দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হৈ যায়।সামাজিক মাধ্যম ফেচবুক, হোৱাটছএপৰ জৰিয়তে  সংগঠিত হৈ প্ৰতিষ্ঠা লাভ কৰা  সাহিত্য- সংস্কৃতিৰ বৃহত্তৰ মঞ্চ ,অসমৰ অধিৱেশনখন অনুষ্ঠিত হয় গুৱাহাটীৰ বিষ্ণু-নিৰ্মলা সভাগৃহত।উল্লেখ্য যে সাহিত্য-সাংস্কৃতিৰ চৰ্চা তথা উত্তৰণৰ সংকল্পৰে সামাজিক মাধ্যমৰ  জৰিয়তে গঠন হোৱা 'সাহিত্য-সংস্কৃতিৰ বৃহত্তৰ মঞ্চ,অসম'-এ সামাজিক মাধ্যমৰ নানা দুৰ্ভাৱনাৰ মাজতো অতি গঠনমূলক চিন্তা-চর্চাৰে সমগ্ৰ সমাজখনলৈ কঢ়িয়াই আনিছে এক আশাৰ বতৰা।

 

সামাজিক মাধ্যমৰ জৰিয়তে জন্ম হৈ ৰাজ্যখনৰ সাহিত্য-সংস্কৃতিৰ চৰ্চা আৰু উত্তৰণৰ ক্ষেত্ৰত নিৰৱছিন্নভাৱে কাম কৰি অহা এই  মঞ্চখনৰ দেওবাৰে অনুষ্ঠিত হোৱা  প্ৰথম বাৰ্ষিক অধিৱেশনখনত সভাপতিত্ব কৰে 'সাহিত্য-সংস্কৃতিৰ বৃহত্তৰ মঞ্চ,অসম'ৰ সভাপতি মহেশ চৌধুৰীয়ে। ইয়াৰ উপৰিও অধিৱেশনখনৰ আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে বিশিষ্ট শিক্ষাবিদ তথা তেজপুৰ আৰু গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰীয়ে। আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি মঞ্চৰ 'জ্যোতিপ্ৰপাত' শীৰ্ষক মুখপত্ৰখন  উন্মোচন কৰে বিশিষ্ট কবি,সাহিত্যিক আনিছ্ উজ্ জামানে। অনুষ্ঠানত  মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ  ৰাজবংশী, অভিনেতা প্ৰাঞ্জল শইকীয়া, ভাষাবিদ উদয় কুমাৰ শৰ্মা আৰু কবি হুমায়ুন কবিৰ। 

 

ইফালে,অধিৱেশনখনৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় কবিতা পাঠৰ অনুষ্ঠানৰ।উক্ত অনুষ্ঠানটোৰ সঞ্চালনা কৰে বিশিষ্ট কবি-সমালোচক বিপুল শৰ্মাই।কবিতা পাঠ অনুষ্ঠানত প্ৰায় শতাধিক কবিয়ে অংশ গ্ৰহণ কৰে ।

Your Comments