ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুল সন্দৰ্ভত  শিক্ষা বিভাগৰ আইন প্ৰণয়নৰ প্ৰস্তুতি

sidhartha

নিউজ ডেস্ক :
ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিৰুদ্ধে সৰৱ এইবাৰ অসম চৰকাৰৰ শিক্ষা বিভাগ।ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুল নিৰ্ধাৰণৰ বাবে এই সপ্তাহতে ৰাজ্যৰ শিক্ষা বিভাগে গঠন কৰিব ৬ জনীয়া সমিতি।উল্লেখ্য যে ৰাজ্যৰ অধিকাংশ ব্যক্তিগত বিদ্যালয়ৰ বিৰুদ্ধে বিভিন্ন সময়ত অধিক মাচুল সংগ্ৰহ কৰাৰ অভিযোগ উথাপন হৈ আহিছিল।আনহে নালাগে বহুসময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে কেৱল ব্যৱসায়ৰ স্বাৰ্থত এজন ছাত্ৰ-ছাত্ৰীৰ বছৰেকীয়া মাচুল ৯০ হাজাৰৰ পৰা ১লাখ টকাৰো অধিক সংগ্ৰহ কৰি আহিছে। তেনে বিদ্যালয়সমূহক নাকী লগোৱাৰ বাবে ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই সপ্তাহৰ ভিতৰতে এখন ৬ জনীয়া সমিতি গঠন কৰিব বুলি জানিবলৈ দিয়ে।লগতে তেওঁ উল্লেখ কৰে যে এই কমিটীখনে ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ মাচুলৰ পৰিমাণ অধ্যয়ন কৰি আগন্তুক ৬ মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব।সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই চৰকাৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুল সন্দৰ্ভত আইন প্ৰণয়ন কৰিব। সেই আইন আগন্তক নতুন শিক্ষা বর্ষৰ পৰা কাৰ্যকৰী হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে।শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে কেৱল ব্যৱসায়ৰ মনোভাৱেৰে কোনো ব্যক্তিগত খণ্ডৰ বিদ্যালয় পৰিচালিত হ'ব নোৱাৰিব। 

ইফালে,দেশৰ সৰ্বোচ্চ ন্যায়ালয় আৰু কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰণালয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ বেগৰ বোজা হ্ৰাস কৰাৰ বাবে ৩০মে' শেষ সময়সীমা বান্ধি দিছিল।কিন্তু নিৰ্দিষ্ট সময়সীমা শেষ হৈ যোৱাৰ পিছতো ৰাজ্যৰ বহু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে এই নিয়ম এতিয়াও মনা নাই।সেই সন্দৰ্ভত শিক্ষামন্ত্ৰী ভট্টাচাৰ্যই কয়-ইতিমধ্যে ৰাজ্যৰ শিক্ষা বিভাগে এই সন্দৰ্ভত এটা  দল গঠন কৰি দিছে। লগতে কয় যিসমূহ বিদ্যালয়ে এই নির্দেশনা অমান্য কৰিব,তেনে বিদ্যালয়ৰ অনুজ্ঞাপত্ৰ পর্যন্ত বাতিল হ'ব পাৰে।উল্লেখ যে মানৱ সম্পদ মন্ত্ৰণালয়ৰ  নির্দেশ অনুসৰি কণ-কণ ছাত্ৰ-ছাত্ৰীসকলক কোনো হোমৱৰ্ক দিব নোৱাৰিব।

Your Comments