বঙাইগাঁওঃ ১ জুনঃ
বঙাইগাঁও চহৰৰ নিকটৱৰ্তী মূলাগাঁৱত আজিৰে দুদিনীয়া কৈ ষষ্ঠ অসম ৰাজ্যিক কিক বক্সিং চেম্পিয়নশ্বিপ ২০১৯ আৰম্ভ হৈছে ৷ অসম ৰাজ্যিক কিক বক্সিং সন্থাৰ উদ্যোগত অাৰু বঙাইগাঁও কিক বক্সিং সন্থাৰ সহযোগত মূলাগাঁওস্থিত শিৱ মন্দিৰ নাট ঘৰত অনুষ্ঠিত হোৱা এই ৰাজ্যিক ভিত্তিক প্ৰতিযোগিতাখন আজি অানুষ্ঠানিকভাৱে উদ্বোধন কৰে বঙাইগাঁও জিলাৰ উপাযুক্ত আদিল খানে ৷ ইয়াৰ পূৰ্বে মূলাগাঁও বীণাপাণি সামূহিক কেন্দ্ৰত আয়োজক বঙাইগাঁও কিক বক্সিং সন্থাৰ সভাপতি প্ৰভাত বৈষ্ণৱ, আদৰণী সমিতিৰ সভাপতি প্ৰমোদ চন্দ্ৰ ৰাভা আৰু সদৌ অসম কিক বক্সিং সন্থাৰ কাৰ্যকৰী সভাপতি কমলেশ্বৰ বৰুৱাই পতাকা উত্তোলন কৰে ৷ ছহিদ তৰ্পণ মুকলি কৰে মূলাগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী কুহিলা সৰকাৰ আৰু শিক্ষাবিদ ৰূদ্ৰেশ্বৰ পাঠকে ৷
একেদৰে বঙাইগাঁৱৰ প্ৰাক্তন বিধায়ক মথুৰা মোহন সিংহৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে ৷ উল্লেখ্য যে এই ৰাজ্যিক ভিত্তিক কিক বক্সিং প্ৰতিযোগিতাখনত ৰাজ্যখনৰ লক্ষীমপুৰ, তিনচুকীয়া, ডিব্ৰুগড়,বাক্সা, চিৰাং, কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য তথা আয়োজক বঙাইগাঁও জিলাৰ লগতে ১০ খন জিলাৰ দুই শতাধিক গৰাকী খেলুৱৈয়ে অংশ লৈছে ৷ সেইদৰে কাৰিকৰী দিশৰ কেবাগৰাকী বিষয়া-কৰ্মী উপস্থিত আছে ৷ ইপিনে কালি ( শুকুৰবাৰে) সন্ধিয়া মূলাগাঁও লালবাহাদুৰ শাস্ত্ৰী বিদ্যাপীঠত স্থাপন কৰা শিবিৰ মুকলি কৰে বঙাইগাঁও জিলাৰ উপ-আৰক্ষী অধীক্ষক মৈত্ৰেয়ী ডেকাই ৷ লক্ষণীয় যে, প্ৰতিযোগিতাখন প্ৰথম বাৰৰ বাবে 'ৰিঙত' অনুষ্ঠিত হৈছে ৷ কাইলৈ প্ৰতিযোগিতাৰ সামৰণি পৰিব ৷
- Log in to post comments
- 6 views