আজি মোডী চৰকাৰৰ অন্তিম কেবিনেট বৈঠক

cabinet

নিউজ ডেস্ক:

দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনত নতুন অভিলেখ স্থাপন  কৰিলে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি দলে। চৰকাৰ গঠনৰ বাবে প্ৰয়োজন হোৱা মেজিক নম্বৰ ২৭২ অতিক্ৰম কৰি বিজেপিয়ে অকলেই দখল কৰিলে ৩০৩খন আসন। বিজেপিৰ এই জয়যাত্ৰাত উৎফুল্লিত এতিয়া দলটোৰ প্ৰতিগৰাকীৰ সমৰ্থক-কর্মী।

ইফালে দলটোৰ এই সফলতাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি সন্ধিয়া ৫ বজাত আহ্বান কৰিছে গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক। উল্লেখ যে আজিৰ এই কেবিনত বৈঠকত পৰৱৰ্তী চৰকাৰ গঠন সম্পৰ্কত গুৰুত্বপূৰ্ণ আলোচনা হোৱাৰ সম্ভাৱনা আছে।আনহাতে এই কেবিনেট বৈঠক হ'ব পাৰে বৰ্তমান মোডী চৰকাৰৰ অন্তিমখন কেবিনেট বৈঠক।আজি অনুষ্ঠিত হ'ব লগা কেবিনট বৈঠকতে ১৬ সংখ্যক লোকসভা ভংগ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব।৩০ মে'ত নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰী পদত শপত লোৱাৰ কথা।

Your Comments