দ্বিতীয়বাৰলৈ সংখ্যাগৰিষ্ঠতা অৰ্জনেৰে  চৰকাৰ গঠন কৰা তৃতীয়গৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

modi

নিউজ ডেস্ক:
বিৰোধীক পৰাস্ত কৰি দেশৰ শাসনৰ বাঘজৰী দ্বিতীয়বাৰৰ বাবে নিজৰ হাতত ৰখাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অৰ্জন কৰিলে অন্য এটা বৃহৎ কৃতিত্ব।সেই অনুসৰি দ্বিতীয়বাৰৰ বাবে লোকসভাত অকলেই সংখ্যাগৰিষ্ঠতা লাভ কৰা মোডী হৈছে দেশৰ তৃতীয়গৰাকী প্ৰধানমন্ত্ৰী।দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনত মোডী নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টীয়ে অকলেই  ৩০৩খন আসন লাভ কৰাটো নিশ্চিত হৈছে।য'ত সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন হয় ২৭২খন আসনৰ।ইয়াৰ পূৰ্বে ২০১৪ চনত বিজেপিয়ে লাভ কৰিছিল ২৮২খন আসন।


 উল্লেখ্য যে পূৰ্বে এই কৃতিত্ব অর্জন কৰিছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে।দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ নেতৃত্বত  দুবাৰকৈ সংখ্যাগৰিষ্ঠ আসন লাভ কৰি চৰকাৰ গঠন হৈছিল।

Your Comments