দ্বিতীয়বাৰৰ বাবে বিজেপি চৰকাৰ গঠনৰ মূল কৃতিত্ব দিব লাগিব প্ৰধানমন্ত্ৰী মোডীক-বিজয়া চক্ৰৱৰ্তী

bijoya

নিউজ ডেস্ক :

দেশত দ্বিতীয়বাৰৰ বাবে বিজেপি চৰকাৰ গঠনৰ মূল কৃতিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দিব লাগিব।কাৰণ,নৰেন্দ্ৰ মোডীক আকৌ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰে ভাৰতৰ জনসাধাৰণে।হেঙেৰাবাৰীৰ বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত উপস্থিত হৈ এই মন্তব্য কৰে গুৱাহাটীৰ প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে। লগতে কয় যে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ নেতৃত্বত আজি বিজেপিয়ে  এই সফলতা লাভ কৰিছে।ইয়াৰ উপৰিও চক্ৰৱৰ্তীয়ে কয়-'বিজেপি দলৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্মুখত দলৰ সভাপতি অমিত শ্বাহে ঘোষণা কৰিছিল বিজেপিয়ে ৩২০ আসনতকৈ অধিক আসন পাব।সেই কথা এতিয়া সত্য প্ৰমাণিত হৈছে।'

ইফালে,কংগ্ৰেছ দলৰ নিৰাশাজনক ফলাফলৰ মূল কাৰণ কি বুলি প্ৰশ্ন কৰাত বিজেপিৰ জ্যেষ্ঠ সাংসদগৰাকীয়ে কয় যে প্ৰথম কথা কংগ্ৰেছ দলৰ নেতৃত্বৰ অভাৱ।দলটোৱে ক'তো অকলে নিৰ্বাচন খেলিবলৈ সাহস কৰা নাই।য'ত সাহস কৰিছে,তাত তেওঁলোকে এটা বিশাল শূন্য পাইছে।নিজৰ সাংগঠনিক ভেটিৰ ওপৰত থিয় হৈ যুদ্ধ কৰিব নোৱাৰা কংগ্ৰেছ দলক ৰাইজে সম্পূৰ্ণ পৰিত্যাগ কৰিছে।

Your Comments