হেঙেৰাবাৰীত ব্যাপক উচাহৰ বিপৰীতে আমবাৰীত নিমাও মাও পৰিবেশ

agp

নিউজ ডেস্ক :
দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ সম্পূৰ্ন ফলাফল ঘোষণা  নহওঁতেই ৰাজ্যিক বিজেপিত দেখিবলৈ পোৱা গৈছে এক উৎসৱমুখৰ পৰিৱেশ।কিন্তু তাৰ বিপৰীতে বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদৰ মুখ্যকাৰ্যলয়ত এতিয়া নিমাও-মাও পৰিৱেশ। দলটোৱে বিজেপিৰে মিত্ৰতা কৰি কলিয়াবৰ, বৰপেটা আৰু ধুবুৰীত নিজৰ প্ৰাৰ্থী থিয় কৰাইছিল যদিও  তিনিওটা সমষ্টিতে অগপৰ প্ৰাৰ্থী কেইজনৰ জয়ী হোৱাৰ আশা ক্ৰমাৎ ক্ষীণ হৈ আহিছে।প্ৰথম অৱস্থাত কলিয়াবৰ আৰু বৰপেটাত অগপ প্ৰাৰ্থী দুগৰাকীয়ে ভোটাগণনাৰ প্ৰথম পৰ্যায়ত কংগ্ৰেছৰ প্ৰাৰ্থী দুগৰাকীতকৈ আগবাঢ়ি দলটোৰ প্ৰতি কিছু আশা কঢ়িয়াই আনিছিল যদিও কিন্তু বৰ্তমানে দুয়োটা সমষ্টিতে এখন সম্পূৰ্ণ বিপৰীত ছবিহে উদ্ভাসিত হ'ব ধৰিছে।

agp hq  দুয়োটা সমষ্টিতে শেহতীয়া খবৰ অনুসৰি কংগ্ৰেছ দলৰ দুয়োগৰাকী প্ৰাৰ্থী   প্ৰথম অগপ প্ৰাৰ্থী দুগৰাকীতকৈ বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত আগবাঢ়ি আছে।এই খবৰে এতিয়া অগপ কাৰ্যলয়ত এক নিমাও-মাও পৰিৱেশৰ সূচনা কৰিছে।

আনফালে এই মুহূৰ্তত আঞ্চলিক দলটোৰ কাৰ্যলয়ত কেইগৰাকীমান কর্মী উপস্থিত থকাৰ বাহিৰে কোনো শীর্ষ নেতৃত্ব উপস্থিত থকা পৰিলক্ষিত হোৱা নাই।

Your Comments