পুনৰ মোডী চৰকাৰ হোৱাৰ আঁৰত কি বুলি ক'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে

sarbananda

নিউজ ডেস্ক :

লোকসভা নিৰ্বাচনৰ ভোটগণনা চলি থকাৰ সময়তে উগ্ৰতাৰা মা-দর্শনলৈ আহিল ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।উগ্ৰতাৰাত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় ৰাজ্যখনৰ জনতাৰ বাবে মই মাৰ ওচৰত আশীৰ্বাদ বিচৰাৰ লগতে আগন্তক দিনত ৰাজ্যখনৰ জনতাই যাতে শান্তি-সম্প্ৰীতিৰ আৰু ভাতৃত্ববোধেৰে জীয়াই থাকি ৰাজ্য খনৰ উন্নয়নৰ হকে যাতে একেলগে কাম কৰি যাব পাৰে তাৰ বাবেই মই উগ্ৰতাৰা মাৰ আশীৰ্বাদ বিচাৰিছোঁ ।

ইয়াৰ উপৰিও দেশত পুনৰবাৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰ গঠন সন্দৰ্ভত তেওঁ কয় "মোডী ডাঙৰীয়াক দেশৰ জনগণে অগাধ বিশ্বাস কৰে আৰু মনে প্ৰাণে ভাল পায় তেওঁৰ সততা নিষ্ঠা আৰু দেশৰ প্ৰতি থকা ভক্তিৰ বাবেই  ভাৰতবর্ষৰ জনসাধাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 
নেতৃত্বত পুনৰবাৰ চৰকাৰ গঠন কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছে। মোদী ডাঙৰীয়া ভাৰতীয় ৰাজনীতিত এতিয়া এক আদর্শ হিচাপে প্ৰতিষ্ঠা হৈছে। সততা আৰু নিষ্ঠাৰে যোৱা পাঁচবছৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশৰ বাবে যি কঠোৰ কষ্ট কৰিলে তাৰ প্ৰতিদান স্বৰূপেই  ভাৰতবৰ্ষৰ জনতাই দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক শাসনৰ গাদীত বহুৱাইছে। ৰাইজে মোডীক আন্তৰিকতাৰে সমৰ্থন আগবঢ়াইছে।

Your Comments