অৱসৰৰ পিছত চিত্ৰশিল্পী হোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে ভাৰতৰ বিশ্বকাপ বিজয়ী প্ৰাক্তন অধিনায়ক এম এছ ধোনীয়ে।আগন্তুক বিশ্বকাপৰ বাবে ইংলেণ্ডলৈ ৰাওনা হোৱাৰ পূৰ্বে ধোনীয়ে এটা ভিডিঅ' জাৰি কৰি উল্লেখ কৰে যে শৈশৱৰে পৰাই তেওঁৰ এজন চিত্ৰশিল্পী হোৱাৰ সপোন আছিল।এতিয়ালৈকে তেওঁ বহু ক্ৰিকেট খেলিলে।গতিকে তেওঁ যি কাম কৰিম বুলি শৈশৱতে ভাবিছিল,সেই কাম কৰাৰ সময় এতিয়া আহি পৰিছে।
ধোনীয়ে ইতিমধ্যে তেওঁ অংকণ কৰা তিনিখন ছবিও ভিডিঅ'টোত প্ৰদৰ্শন কৰে।তাৰে এখন ছবি প্ৰাকৃতিক দৃশ্যৰ আৰু এখন ছবি ধোনীয়ে চেন্নাই চুপাৰ কিংছৰ জাৰ্চি পৰিধান কৰি খেলি থকাৰ।এতিয়ালৈকে বহুত ক্ৰিকেট খেলা বুলি ধোনীয়ে কোৱাটোৱে খেলুৱৈগৰাকীৰ কম সময়ৰ ভিতৰতে অৱসৰ গ্ৰহণৰ সম্ভাৱনাক নতুনকৈ চৰ্চালৈ আনিছে।
- Log in to post comments
- 17 views