আগন্তুক সময়ত ৩-৫ টকা মূল্য বৃদ্ধি হ'ব ডিজেল আৰু পেট্ৰ'লৰ

oil

লোকসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতেই ক্ৰমাগত দুটা দিন দেশত  বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য।ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আজি ডিজেল আৰু পেট্ৰলৰ মূল্য যথাক্ৰমে ৯ পইচা আৰু ৫ পইচা বৃদ্ধি পালে।দিল্লীত আজি ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৬৬ টকা ২০ পইচা আৰু পেট্ৰ'লৰ মূল্য ৭১ টকা ১৭ পইচা হয়গৈ।

 

সংবাদ প্ৰতিষ্ঠান আইএনএছৰ মতে নিৰ্বাচনৰ সময়ত ডিজেল আৰু পেট্ৰলৰ মূল্য নিম্ন স্তৰত ৰখাৰ বাবে তেল কোম্পানীসমূহে সন্মুখীন হোৱা লোকচানৰ জোৰা মাৰিবলৈ আগন্তুক সময়ত আৰু ৩-৫ টকা মূল্য বৃদ্ধি সম্ভৱ।ইৰাণ আৰু ভেনিজুৱেলাত সৃষ্টি হোৱা প্ৰতিকূল পৰিস্থিতিৰ বাবেও আগন্তুক দিনসমূহত ডিজেল আৰু পেট্ৰলৰ মূল্য বৃদ্ধি ঘটিব।

Your Comments