আজি ২১ মে'ত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ২৮ সংখ্যক মৃত্যু দিৱস।১৯৯১ চনৰ আজিৰ দিনটোতে তামিলনাডুত এখন নিৰ্বাচনী প্ৰচাৰ সভাত কুখ্যাত সন্ত্ৰাসবাদী সংগঠন 'এলটিটিই'ৰ আত্মঘাতী সদস্যই হত্যা কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক।আজি ২৮ বছৰে এই দিনটো ভাৰতবাসীৰ বাবে অতিকৈ দুখৰ দিন হিচাপে চিহ্নিত হৈ আহিছে।
তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত আগবঢ়া আধুনিক ভাৰতবৰ্ষ গঢ়াত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়োৱা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ প্ৰতি আজি শ্ৰদ্ধাঞ্জলি আগবঢ়াইছে দেশবাসীয়ে।লগতে সন্ত্ৰাসবাদৰ বিৰূদ্ধে যুঁজিবলৈ সংকল্প গ্ৰহণ কৰিছে।
ৰাজীৱ গান্ধীৰ সমাধিস্থলী 'বীৰ ভূমি'ত আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সহধৰ্মিনী,ইউপিএ অধ্যক্ষা ছোনিয়া গান্ধী,পুত্ৰ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী,কন্যা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। 'বীৰ ভূমি'ত প্ৰয়াত গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জনায় প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী, প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং আৰু বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও টুইট কৰি প্ৰয়াত ৰাজীৱ গান্ধীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।
- Log in to post comments
- 15 views