ৰাজ্যিক পৰ্য্যায়ৰ  প্ৰতিযোগিতাত নলবাৰী দলৰ সাফল্য

nalbari

নলবাৰী ২০ মে' :

আই টি এফ টাং-চু-দু স্পোৰ্টছ এছোচিয়েচন,অসমৰ উদ্যোগত গুৱাহাটীৰ বেলতলাত যোৱা কালি ৰাজ্যিক পৰ্যায়ৰ আন্তঃস্কুল টাং-চু-দু(ল'ৰা-ছোৱালী) সমৰ কলা প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।উক্ত খেলখনত নলবাৰী জিলা টাংচু-দু এছোচিয়েচনৰ পৰা এঘাৰ জনীয়া এটা দলে অংশগ্ৰহণ কৰে।নলবাৰীৰ দলটোৱে দুটা সোনৰ পদক,দুটা ৰূপৰ পদক আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।সোনৰ পদক লাভ কৰে-চাহিল কুমাৰ ঠাকুৰ,ইনতাদুল হুছেইনে আৰু ৰূপৰ পদক লাভ কৰে ৰিচান তাহিৰ,আৰমান হকৰ লগতে ব্ৰঞ্জৰ পদক লাভ কৰে দ্বীপজ্যোতি ডেকাই।উক্ত খেলখনত নলবাৰী জিলা দলটোৰ প্ৰশিক্ষক হিচাবে গৈছিল আজহাৰুল আমিন, খেলখনত  বিচাৰক হিচাপে উপস্থিত থাকে এন চি ৰাওঁ আৰু মুখ্য কাৰিকৰি প্ৰশিক্ষক  হিচাপে উপস্থিত থাকি দেৱজিত গগৈয়ে সফল ৰুপে চলাই নিয়ে।

Your Comments