এতিয়াও অশান্ত শ্ৰীলংকা:সাম্প্ৰদায়িক হিংসাত জড়িত শতাধিকক গ্ৰেপ্তাৰ

srilanka

ইষ্টাৰ দেওবাৰত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণত ২০০তকৈ অধিক লোকৰ প্ৰাণহানি হোৱাৰ পিছত শ্ৰী লংকাৰ পৰিস্থিতি এতিয়াও অশান্ত।দেশখনৰ বিভিন্ন প্ৰান্তত সাম্প্ৰদায়িক বিদ্বেষভাবে গা কৰি উঠাৰ বাবে বুধবাৰে পুনৰ দেশ খনৰ সকলো প্ৰান্ততে সান্ধ্য আইন জাৰি কৰা হয়।

 

উল্লেখ্য যে দেশজুৰি সান্ধ্য আইন উঠাই লোৱাৰ কেইটামান ঘণ্টাৰ পিছতে পুনৰ সান্ধ্য আইন জাৰি কৰা হয়।সাম্প্ৰদায়িক হিংসাত জড়িত থকাৰ অভিযোগত ১০০ জনতকৈ অধিক লোকক সুৰক্ষা বাহিনীয়ে গ্ৰেপ্তাৰ কৰিছে।

Your Comments