'নিয়া'ই কৰিছে আৰজি বৰুৱা পথৰ গ্ৰেণেড বিস্ফোৰণৰ তদন্ত

uu

দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন 'আইছিছ'ৰ ভয়ংকৰ আক্ৰমণৰ পিছতে দেশৰ চোৰাংচোৱা সংস্থাৰ তথ্যভিত্তিত আইচিছৰ পৰৱৰ্তী লক্ষ্য দেশৰ বিভিন্ন ঠাইৰ লগতে অসমৰ ৰাজধানীৰ দিছপুৰো হ'ব পাৰে বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৰাজ্যৰ আৰক্ষী প্ৰশাসনলৈ সতৰ্কতা জাৰি কৰি কৰিছিল।কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সতৰ্কতাৰ পিছতে ৰাজ্যৰ পুলিচ বিভাগে আইচিছৰ আক্ৰমণ প্ৰতিহত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰিছিল।আনহে নালাগে, মহানগৰ আৰক্ষীৰ আয়ুক্তই সংবাদ মাধ্যমৰ আগত সদম্ভে উল্লেখ কৰিছিল মহানগৰবাসীক আইচিছৰ আক্ৰমণৰ পৰা নিৰাপত্তা দিবলৈ মহানগৰীৰ গুৰুত্বপূৰ্ণ স্থানসমূহত পূৰ্বতকৈ বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। মহানগৰীক যিকোনো আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ বিকল হৈ থকা চিচিটিভিসমূহ পুনৰ সক্ৰিয় কৰাৰ লগতে সন্দেহজনক ব্যক্তি,সৰু বাহনৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে।

 

কিন্তু,অতি পৰিতাপৰ কথা এয়ে যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সতৰ্কবাণীৰ পিছতো অসম আৰক্ষীৰ চকুত ধূলি দি বুধবাৰে সন্ধিয়া গুৱাহাটী মহানগৰীৰ সদাব্যস্ত অসম ৰাজ্যিক চিৰিয়াখানাৰ সমীপৰ জুৰোডৰ 'গুৱাহাটী চেণ্ট্ৰেল'ৰ সন্মুখত সংঘটিত কৰে এক ভয়ংকৰ গ্ৰেণেড বিস্ফোৰণ।বুধবাৰে সন্ধিয়া প্ৰায় ৭.৪০ বজাত উক্ত স্থানত কৰ্তব্য পালন কৰি থকা এছএছবিৰ এটা দললৈ লক্ষ্য কৰি বিপৰীত দিশৰ পৰা অহা মটৰ চাইকেলত অহা দুৰ্বৃত্তই গ্ৰেণেড দলিয়াই দলটোৱে  সংঘটিত কৰে এই ভয়ংকৰ বিস্ফোৰণটো।বিস্ফোৰণটোত ১২ জনকৈ ব্যক্তি আহত হৈছিল।তাৰ ভিতৰত দুজন এছএছবিৰ জোৱানো আছে।ইফালে,বিস্ফোৰণ সংঘটিত কৰিয়েই আৰক্ষীৰ চকুত ধূলি দি ঘটনাস্থলী পৰা নিৰাপদে পলাই যাবলৈ সক্ষম হয় দুৰ্বৃত্তৰ দলটো। 

 

ঘটনা সংঘটিত হোৱাৰ কিছুসময়ৰ পিছতে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰি সংবাদ মাধ্যমলৈ এক বিবৃতিও প্ৰেৰণ কৰে।

 

ইফালে,'নিয়া'ই বৃহস্পতিবাৰে এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰে ঘটনাৰ তদন্ত।

 

ঘটনা সংঘটিত হোৱাৰ পিছতে মহানগৰবাসীৰ আৰক্ষী প্ৰশাসনলৈ প্ৰশ্ন-'কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সতৰ্কবাণীৰ পিছত আইচিছক ৰুধিবলৈ আৰক্ষী সতৰ্ক হৈ থকাৰ পিছতো মহানগৰীত কেনেদৰে মুকলিলৈ ঘূৰি ফুৰিছিল দুৰ্বৃত্ত'।

Your Comments