পঞ্চম স্থানত প্ৰিয়ংকা কলিতা:উৎফুল্লিত অসম জাতীয় বিদ্যালয় পৰিয়াল

priyanka

'কষ্ট কৰিছিলোঁ আৰু এতিয়া তাৰ ফলাফল লাভ কৰিছোঁ। আশা কৰা ধৰণেৰে ফলাফল লাভ কৰিছো।ভাল লাগিছে এই ফলাফল লাভ কৰি।'এই মন্তব্য হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে পঞ্চম স্থান লাভ কৰি নুনমাটিৰ অসম জাতীয় বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনা মেধাৱী ছাত্ৰী প্রিয়ংকা কলিতাৰ।সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্রিয়ংকাই লাভ কৰিছে মুঠ ৫৮৯ নম্বৰ।ফলাফল লাভ কৰাৰ পিছতে মেধাৱী প্ৰিয়ংকাই কয় যে দিনে ৭-৮ ঘণ্টাকৈ পঢ়িছিলোঁ আৰু এই ক্ষেত্ৰত মোৰ সৈতে মা-দেউতা আৰু শিক্ষাগুৰুসকলেও বহুত কষ্ট কৰিছিল।তেওঁলোক অবিহনে আজি হয়তো এই ফলাফল লাভ নকৰিলোঁহেতেন ।

 

ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত তেওঁ কয় যে অনাগত দিনত বিজ্ঞান শাখাত নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজত অধ্যয়ন কৰি ভৱিষ্যতে এগৰাকী ইঞ্জিনীয়াৰ হোৱাৰ মন আছে।তাৰ লগতে তাৎপৰ্যপূৰ্ণভাৱে ছাত্ৰীগৰাকীয়ে কয়-'নিজকে সমাজৰ এগৰাকী লাগতিয়াল ব্যক্তি হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিম।

jatiya

উল্লেখ্য যে সাতগাঁও নিবাসী তথা নুনমাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দেৱ কুমাৰ কলিতা আৰু  ভাগ্য কলিতাৰ জীয়ৰী প্ৰিয়ংকা। প্রিয়ংকাৰ সাফল্যত উৎফুল্লিত হৈছে অসম জাতীয় বিদ্যালয়ৰ শিক্ষাগুৰু আৰু বিদ্যাৰ্থীসকল।এই সন্দৰ্ভত বিদ্যালয়খনৰ সচিব ডা: নাৰায়ণ শৰ্মাই কয়- 'বিদ্যালয়খনৰ পৰা পঞ্চম স্থান পোৱাটো আমাৰ বাবে গৌৰৱৰ কথা,কিন্তু আমি অকল স্থানৰ ওপৰতে গুৰুত্ব নিদিও।বিদ্যালয়খনৰ সামগ্ৰিক ফলাফলৰ ওপৰত আমি সদায় গুৰুত্ব দিওঁ।'

 

এইবাৰ বিদ্যালয়খনৰ পৰা পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ১০০%।বিদ্যালয়খনৰ পৰা পৰীক্ষাত মুঠ ১৫৬ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল।তাৰে ৫৭গৰাকীয়ে লাভ কৰিছে ডিষ্টিংচন।৪২ গৰাকীয়ে ষ্টাৰ মাৰ্কসহ মুঠ ১৪৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে প্ৰথম বিভাগ। আনহাতে, ৯ গৰাকী উত্তীৰ্ণ  হৈছে দ্বিতীয় বিভাগত।  এগৰাকী উত্তীৰ্ণ হৈছে তৃতীয় বিভাগত।


গুৰুত্বপূৰ্ণ কথা এই যে ২০০৪ চনৰ পৰা আজিপৰ্যন্ত বিদ্যালয়খনত মেট্ৰিকত উত্তীৰ্ণৰ হাৰ হৈছে ১০০%।

Your Comments