মেট্ৰিকত প্ৰথম ১০ টা স্থানত গুৱাহাটীৰ বিদ্যালয়ৰ ৪ গৰাকী মেধাৱী বিদ্যাৰ্থী

hslc

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীর্ষৰ দহটা স্থানৰ ভিতৰত উজলি উঠিল গুৱাহাটীৰ চাৰি মেধাৱী বিদ্যাৰ্থী।ৰাজ্যৰ ভিতৰতে দ্বিতীয়,তৃতীয় আৰু চতুৰ্থ স্থানত গুৱাহাটী মহানগৰীৰ গুৱাহাটী ক্লাবস্থিত চেণ্ট মেৰীজ হাইছেকেণ্ডেৰী স্কুলৰ তিনিগৰাকীকৈ মেধাৱী।মুঠ ৫৯৩ নম্বৰ লাভেৰে ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান দখলেৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে প্ৰত্যাশা মেধিয়ে।একেদৰে,মুঠ ৫৯১ নম্বৰ লাভ কৰি তৃতীয় স্থান দখলেৰে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে তনুশ্ৰী ভূঞাই।
আনহাতে,মুঠ ৫৯০ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত বিদ্যালয়খনৰ পৰা চতুৰ্থ স্থান দখল কৰিছে মেধাৱী সৃষ্টি শইকীয়াই।

 

আনহাতে,গুৱাহাটী মহানগৰীৰে অন্য এখন ব্যক্তিগত খণ্ডৰ আগশাৰীৰ বিদ্যালয় অসম জাতীয় বিদ্যালয়ৰ মেধাৱী ছাত্ৰী প্রিয়ংকা কলিতাই মুঠ ৫৮৯ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত পঞ্চম স্থান লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

hslc2

ইফালে,তৃতীয় স্থান দখল কৰা গুৱাহাটীৰ চেণ্ট মেৰীজ হাইছেকেণ্ডেৰী স্কুলৰ ছাত্ৰী তনুশ্ৰী ভূঞাই ফলাফল লাভ কৰি কয়-'এয়া কষ্টৰ ফল।শীর্ষ দহৰ ভিতৰত থাকিম বুলি ভাবিছিলোঁ,কিন্তু তৃতীয় স্থান পাম বুলি ভবা নাছিলো।'লগতে তেওঁ কয় যে পঢ়াৰ মোৰ কোনো নিৰ্দিষ্ট সময় নাছিল,যেতিয়াই মন গৈছিল,তেতিয়াই পঢ়িছোঁ। বাচনি পৰীক্ষাৰ পিছত অলপ বেছি সময় পঢ়িছিলোঁ। আগন্তক দিনত কটন বিশ্ববিদ্যালয়ত বিজ্ঞান শাখাত অধ্যয়ন কৰাৰ কথাও ব্যক্ত কৰিলে মেধাৱী ছাত্ৰীগৰাকীয়ে।কিতাপ পঢ়ি ভাল পোৱা তনুশ্ৰীয়ে বিহু নাচি আৰু গান গাই ভাল পোৱা বুলি জানিবলৈ দিয়ে সংবাদমাধ্যমৰ আগত।এই ফলাফলৰ আঁৰত শিক্ষক-শিক্ষয়িত্ৰী আৰু পিতৃ-মাতৃৰ বহুত কষ্ট জড়িত হৈ আছে বুলি উল্লেখ কৰে ছাত্ৰীগৰাকীয়ে।

 

গুৰুত্বপূৰ্ণ কথা এই যে গুৱাহাটীৰ মহানগৰীৰ কোনো এখন চৰকাৰী খণ্ডৰ বিদ্যালয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীর্ষ দহটা স্থান লাভ কৰিবলৈ সক্ষম নহ'ল।

Your Comments