উত্তীৰ্ণৰ হাৰৰ ক্ষেত্ৰত প্ৰথম তিনিটা স্থানত ধেমাজি,শিৱসাগৰ আৰু নলবাৰী জিলা

hslc

অৱশেষত ছাত্ৰ-ছাত্ৰীসকলৰ ৬৯ দিনীয়া উৎকন্ঠাৰ অন্তত পূৰ্বৰ বর্ষসমূহতকৈ ১০দিনৰ পূৰ্বে 'ছেবা'ই আজি ঘোষণা কৰিলে ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়ৰ জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা মেট্ৰিকৰ ফলাফল।পুৱা ৯ বজাত 'ছেবা'ৰ ১৩টাকৈ ৱেবছাইটৰ জৰিয়তে ঘোষণা কৰা এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পূৰ্বৰ গৰিমা অক্ষুন্ন ৰাখি ৮৩.২৮ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত থাকিল বানবিধ্বস্ত ধেমাজি জিলা।জিলাখনত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ১২,৬৫০ গৰাকী পৰীক্ষাৰ্থী।তাৰ ভিতৰত উত্তীৰ্ণ হয় ১০,৫৩৫ গৰাকী ছাত্ৰ-ছাত্ৰী। প্ৰথম বিভাগ লাভ কৰে ১৭৮২ গৰাকীয়ে। দ্বিতীয় বিভাগ লাভ কৰে ৪,০৩৯ গৰাকীয়ে আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৪৭১৪গৰাকী পৰীক্ষাৰ্থী।

 

ইয়াৰ পিছতে উত্তীৰ্ণৰ হাৰৰ ক্ষেত্ৰত দ্বিতীয় শীৰ্ষ স্থানত জিলিকি উঠে ঐতিহাসিক  শিৱসাগৰ জিলা। জিলাখনত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীণ হৈছিল মুঠ ১২,৬১৬ গৰাকী পৰীক্ষাৰ্থী।তাৰে উত্তীৰ্ণ হয় ৮,৮৫৬ গৰাকী।প্ৰথম বিভাগ লাভ কৰে ২৭৫৮গৰাকীয়ে দ্বিতীয় বিভাগ লাভ কৰে ৩১১১ গৰাকীয়ে আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ২৯৭৮গৰাকী পৰীক্ষাৰ্থী।উল্লেখ্য যে এইবাৰ জিলাখনত মুঠ উত্তীৰ্ণৰ হাৰ ৭০.২০ শতাংশ।

 

আনহাতে,শিৱসাগৰৰ পিছতে ৭০.০৮ শতাংশ উত্তীৰ্ণ হৈ তৃতীয় স্থান লাভ কৰে নলবাৰী জিলাই।জিলাখনত এইবাৰ মুঠ ১০,১৩৫ গৰাকী পৰীক্ষাৰ্থী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰে মুঠ ৭১০৩ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়। প্ৰথম বিভাগ লাভ কৰে ২০৪৫ গৰাকীয়ে,দ্বিতীয় বিভাগ লাভ কৰে ২৫৪৯ গৰাকীয়ে আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ২৫০৯ গৰাকী পৰীক্ষাৰ্থী।

 

 ইয়াৰ বিপৰীতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩৯.০১ শতাংশ উত্তীৰ্ণৰে সৰ্বনিম্ন ফলাফল প্ৰদৰ্শন কৰে হাইলাকান্দি জিলাই।

Your Comments