অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত উপস্থিত হৈ 'কেব' বিৰোধিতা দোহাৰিলে প্ৰফুল্ল কুমাৰ মহন্তই

mahanta

পুত্ৰৰ উপনয়ন এৰি দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত উপস্থিত অসম গণ পৰিষদৰ প্ৰতিস্থাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। আমবাৰীৰ অগপ মুখ্য কাৰ্যালয়ত দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত উপস্থিত হৈ সতীৰ্থৰ আগত আৱেগিক ভাষণ দিয়ে মহন্তই। ভাষণত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে ১৯৮৫-৯০ চৰকাৰ ব্যৰ্থ হৈছিল ,তাৰ কাৰণ আছিল বহু দলীয় কৰ্মীক হত্যা কৰা হৈছিল।ৰাজ্যত সেই সময়ত উগ্ৰপন্থীৰ সমস্যাও আছিল।ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ২০০১ চনৰ লোকসভা নিৰ্বাচনটো বিজেপিৰে মিত্ৰতা কৰা হৈছিল।কিন্তু অসমত অগপ চৰকাৰ নাহিবৰ বাবেই অসম বিজেপি গঠন কৰা হৈছিল।তাৰ পিছত পুনৰ ২০১৬ চনত বিধানসভাৰ নিৰ্বাচনত বিজেপিৰে মিত্ৰতা কৰা হল।এইবাৰ বিজেপি দলে অসমীয়া জাতিধ্বংসী 
'কেব' আনিছে।লগতে তেওঁ নেতৃত্বৰ সন্মুখত পুনৰ কয়- 'মই কেব বিৰোধিতা কৰি আহিছো আৰু কৰি যাম,সেয়েহে এইবাৰ লোকসভাৰ নিৰ্বাচনত জড়িত হোৱা নাই ।' এই কথা জানিবলৈ দিছে দলটোৰ এক সূত্ৰই।

ইফালে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকৰ ভোজন বিৰতিৰ পৰত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক সাংবাদিকে প্ৰশ্ন কৰে যে কিহৰ বিষয়ে আলোচনা কৰা হৈছে। তাৰ উত্তৰত কয় লোকসভাৰ নিৰ্বাচনক লৈ আজি পৰ্যালোচনা চলিছিল।লগতে কয় যে ফলাফল ঘোষণাৰ পিছতো কাৰ্যালয়ত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ'ব পাৰে।

ইফালে, 'কেব' বিৰোধিতা কেৱল অসম সংগ্ৰামী মঞ্চৰে সিদ্ধান্ত আছিল নেকি বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে কেব  বিৰোধিতা কৰাটো দলৰ সিদ্ধান্ত আছিল, অকল অসম সংগ্ৰামী মঞ্চৰে সিদ্ধান্ত নহয়।

ইফালে লোকসভাৰ নিৰ্বাচনত বিজেপিৰে মিত্ৰতা কৰাটো শুদ্ধ আছিল নেকি বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে বিজেপিৰে মিত্ৰতা প্ৰসংগ ভুল নে শুদ্ধ সেয়া দলৰ মজিয়াত আলোচনা কৰিব। সংবাদমাধ্যমৰ আগত কোৱা কথা নহয় বুলি মহন্তই স্পষ্টকৈ ঘোষণা কৰে।

আনহাতে লোকসভাৰ নিৰ্বাচনত বিজেপিৰে মিত্ৰতা বিৰোধিতা কৰি কংগ্রেছক ভোট দিবলৈ আহ্বান জনোৱা বুলি মহন্তৰ বিৰুদ্ধে উঠা অভিযোগ সন্দৰ্ভত তেওঁ কয়- 'অনুশাসন ভংগ কৰিছোঁ নে নাই,সেয়া দলে আলোচনা কৰিব।অনুশাসন ভংগ কৰাহঁতেন মিডিয়াত হয়তো ওলালহেতেন।'

Your Comments