মালিংগাৰ অন্তিম অভাৰৰ দুৰ্দান্ত বলিঙত চেম্পিয়নৰ খিতাপ মুম্বাই ইণ্ডিয়ানছলৈ

rohit

মুম্বাই ইণ্ডিয়ানছৰ বিধ্বংসী বলিঙত তচনছ চেন্নাই চুপাৰ কিংছৰ  আইপিএলৰ ফাইনেল চতুৰ্থবাৰৰ বাবে জিকাৰ সপোন।মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছে জয়ৰ কাষ চাপিও মাত্ৰ ১ ৰাণত পৰাজয় স্বীকাৰ কৰিলে ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ ১২ সংখ্যক বর্ষত।অন্তিম বলত 'চিএছকে'ক জয়ৰ বাবে প্ৰয়োজন আছিল দুই ৰাণ। সেই সময়ত বেটছমেন ৰূপত ক্ৰীজত আছিল ছাৰ্দুল ঠাকুৰ।কিন্তু মুম্বাই ইণ্ডিয়ানছৰ বলাৰ লাচিথ মালিংগাই অন্তিম বলত ছাৰ্দুল ঠাকুৰক এলবিডব্লিউ আউট কৰি  মুম্বাইৰ জয়ৰ পথ নিশ্চিত কৰে।জয়ৰ বাবে মুম্বাই ইণ্ডিয়ানছ দলে চেন্নাই চুপাৰ কিংছক ১৫০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি  দিছিল। প্ৰত্যুত্তৰত জছপ্ৰিত বুমৰাহ আৰু লাচিথ মালিংগাৰ আক্ৰমণাত্মক বলিঙত চেন্নাই চুপাৰ কিংছে ১৪৮ৰাণতে সামৰিব লগীয়া হয় নিজৰ ইনিংছ ।চেন্নাইৰ হৈ অপেনাৰ শ্বেন ৱাটছনে সৰ্বাধিক ৮০ আৰু ফাফ ডু প্লেচিয়ে ২৬ ৰাণ কৰাৰ বাহিৰে অন্য বেটছমেনসকল সম্পূৰ্ণ ব্যৰ্থ হয়।মুম্বাইৰ  হৈ বুমৰাহে লাভ কৰে দুটা উইকেট।ইয়াৰ বিপৰীতে লাচিথ মালিংগা , ৰাহুল ছহৰ, কুনাল পাণ্ডিয়াই লাভ কৰে এটাকৈ উইকেট।

mumbai

ইফালে ইয়াৰ পূৰ্বে  প্ৰথমে টছত জয়ী হৈ মুম্বাই ইণ্ডিয়ানছে কিৰণ পোলাৰ্ডৰ ২৫টা বলত ৪১ৰাণৰ সহায়ত চেন্নাই দলটোক জয়ৰ বাবে বান্ধি দিছিল ১৫০ৰাণ। য'ত আছিল অপেনাৰ কুইণ্টন ডি ক'কৰ ২৯ ,ঈশান কিষাণৰ ২৩ৰাণ। আনহাতে, অধিনায়ক ৰোহিত শৰ্মাই ১৫,হাৰ্ডিক পাণ্ডিয়াই ১৬, কুনাল পাণ্ডিয়াই ৭ ৰাণ কৰি বেটিঙত ব্যৰ্থ হয়।বলিঙত চেন্নাইৰ হৈ দীপক চহৰে ৩, ছাৰ্দুল ঠাকুৰে ২ আৰু ইমৰাণ তাহিৰে লাভ কৰে দুটাকৈ উইকেট।

ইফালে ফাইনেল খেলখনত ৪ অভাৰত ১৪ৰাণ খৰছ কৰি ২টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি মুম্বাইৰ জয়ত মুখ্য ভূমিকা পালন কৰা বলাৰ জচপ্ৰিত বুমৰাহে লাভ কৰে 'মেন অফ দ্য মেছ'ৰ সন্মান। 

আনহাতে এই জয়ৰ পিছতে আইপিএলৰ ইতিহাসত চতুৰ্থবাৰলৈ খিতাপ দখল কৰিলে মুম্বাই ইণ্ডিয়ানছে। একেদৰে চেন্নাই চুপাৰ কিংছ দলক তৃতীয়বাৰলৈ ফাইনেলত পৰাস্ত কৰিলে মুম্বায়ে ।এই পর্যন্ত দুয়োটা দলআইপিএলৰ ফাইনেলত চাৰিবাৰ মুখামুখি হৈছে।তাত মাত্ৰ এবাৰহে জয়ী হৈছে চেন্নাই চুপাৰ কিংছ।

Your Comments