আই পি এলৰ ফাইনেলত আজি মুখামুখী হ'ব চেন্নাই চুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ

mumbai vs chennai

নিউজ ডেস্ক :

ভাৰতীয় ক্ৰিকেটৰ সকলোতকৈ জনপ্ৰিয় টুৰ্ণামেণ্ট ১২সংখ্যক ইণ্ডিয়ান প্ৰিমীয়াৰ লীগৰ আজি ফাইনেল। ফাইনেলত মুখামুখী হ'ব আই পি এলত সৰ্বাধিক ফাইনেল খেলাৰ কৃতিত্ব অর্জন কৰা দুই দল চেন্নাই চুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ। সন্ধিয়া ৭.৩০বজাৰ পৰা হাইদৰাবাদৰ ৰাজীৱ গান্ধী আন্তৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হব এই খেল।
লক্ষ্যনীয় কথা এইয়ে  যে আই পি এলত এইবাৰকে ধৰি সৰ্বমুঠ অষ্টমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছ । ঠিক একেদৰেই এইবাৰকে ধৰি  পঞ্চম বাৰৰ বাবে আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰিছে ৰোহিত শৰ্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছ। আনহাতে  চেন্নাই চুপাৰ কিংছ দলে ইয়াৰ পূৰ্বে সাতবাৰ ফাইনেল খেলি তিনিবাৰ  আই পি এলৰ খিতাপ দখল কৰাৰ বিপৰীতে চাৰিবাৰকৈ পৰাজিত হৈছে।একেদৰে মুম্বাই ইণ্ডিয়ান দলে ইয়াৰ পূৰ্বে চাৰিবাৰ ফাইনেল খেলি তিনিবাৰ আই পি এলৰ খিতাপ দখল কৰাৰ বিপৰীতে এবাৰ পৰাজিত হৈছে।

ইফালে গুৰুত্বপূৰ্ণ কথা এই যে আই পি এলৰ ফাইনেলৰ ইতিহাসত এইবাৰ চতুৰ্থ বাৰৰ বাবে মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই চুপাৰ কিংছ সন্মুখ-সমৰত। ইয়াৰ পূৰ্বে দুয়োটা দলে তিনিবাৰ ফাইনেলত মুখামুখী হৈ দুবাৰ মুম্বাই জয়ী হোৱাৰ বিপৰীতে এবাৰ জয়ী হৈছে চেন্নাই চুপাৰ কিংছ।

ইফালে এইবাৰৰ লীগৰ দুয়োখন মেচতে মুম্বাই ইণ্ডিয়ানছে চেন্নাই চুপাৰ কিংছ দলক পৰাজিত কৰাৰ লগতে প্ৰথমখন কোৱালিফায়াৰ মেচতো পৰাজিত কৰি মুম্বাইয়ে নিজ দৃঢ় স্থিতিৰ উমান দিয়েই থৈছে। আনহাতে দ্বিতীয়খন কোৱালিফায়াৰ মেচত দিল্লী কেপিটেলক সহজে পৰাজিত কৰি চেন্নাই চুপাৰ কিংছ দলটো দৃঢ় বিশ্বাসী হৈ আছে। 

আনহাতে লীগৰ দুয়োখন খেলত মুম্বাইৰ হাতত পৰাজিত হোৱা বিষয়টোৱে চেন্নাই দলটোক চাপত ৰাখিছে ।

Your Comments