নতুন দিল্লী লোকসভা সমষ্টিত ভোট দিলে ৰাহুল গান্ধীয়ে

rahul

নিউজ ডেস্ক:

কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত নতুন দিল্লী লোকসভা সমষ্টিত ভোটাধিকাৰ সাব্যস্ত কৰে।ৰাহুল গান্ধীয়ে নিৰ্মাণ ভৱনস্থিত ভোটগ্ৰহণ কেন্দ্ৰত ভোট দিয়ে।ভোটগ্ৰহণ কেন্দ্ৰটো ৰাহুল গান্ধীৰ তুগলক পথৰ ঘৰৰ পৰা ৫০০ মিটাৰ দূৰত্বত অৱস্থিত হোৱা বাবে কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে খোজকাঢ়ি আহিয়েই ভোট দিয়ে।


উল্লেখ্য যে সমষ্টিটোত এইবাৰ কংগ্ৰেছৰ অজয় মাকেন,বিজেপিৰ বৰ্তমানৰ সাংসদ মিনাক্ষী লেখী আৰু 'আপ'ৰ ব্ৰিজেশ গোৱেলৰ মাজত প্ৰতিদ্বন্দিতা হৈছে।

Your Comments