নিউজ ডেস্ক :
শত্ৰুক ৰুধিবলৈ ভাৰতীয় বায়ু সেনাবাহিনীত আজিৰে পৰা সংযোজন হ'ল 'আপাছে গাৰ্ডিয়ান এটেক হেলিকপ্টাৰ'।আকাশী আক্ৰমণৰ বাবে অতি সুবিধাজনক এই হেলিকপ্টাৰখন শুকুৰবাৰে ভাৰতে লাভ কৰে আমেৰিকাৰ পৰা।
এক চুক্তি অনুসৰি ভাৰতে আমেৰিকাৰ পৰা মুঠ ২২খন আপাছে হেলিকপ্টাৰ লাভ কৰিব। শুকুৰবাৰে এৰিজ'নাত বয়িং বিমানৰ উৎপাদন কেন্দ্ৰত ভাৰতৰ এয়াৰ মাৰ্ছেল এছ এছ বুট'লাৰ উপস্থিতিত আমেৰিকাই ভাৰতক প্ৰদান কৰে প্ৰথমখন হেলিকপ্টাৰ।ইয়াৰ উপৰিও চলিত বৰ্ষৰ জুলাই মাহত আৰু কেইবাখনো আপাছে আমেৰিকাই ভাৰতক প্ৰদান কৰিব।
ইফালে অত্যধুনিক হেলিকপ্টাৰখন পৰিচালনা কৰাৰ বাবে ভাৰতৰ এটা বিশেষ গোটে আমেৰিকাৰ সেনাৰ তত্বাৱধানত গ্ৰহণ কৰি আছে প্ৰশিক্ষণ।উল্লেখ্য যে ওচামা বিন লাডেনৰ হত্যাৰ বাবে চলোৱা অভিযানত এই
হেলিকপ্টাৰ ব্যৱহাৰ কৰিছিল মাৰ্কিন সেনাই।
- Log in to post comments
- 7 views