ন্যায়ালয় অৱমাননাৰ অভিযোগ তুলি অমিত শ্বাহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

amit sah

তপন বৰগোহাঁই

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু।গোচৰ ৰুজু কৰিলে অসম সংগ্রামী মঞ্চই।উল্লেখ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনে পশ্চিমবঙ্গৰ এখন নিৰ্বাচনী সভাত উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা এনআৰচিক অৱমাননা কৰি 'কেব' গৃহীত কৰিব বুলি ৰাজহুৱাকৈ মন্তব্য কৰিছিল। ইয়াৰ বাবেই অসম সংগ্রামী মঞ্চই আজি ন্যায়ালয় অৱমাননা কৰাৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰে।


 গোচৰ ৰুজু কৰি অসম সংগ্রামী মঞ্চৰ মনজিৎ মহন্তই কয় যে অমিত শ্বাহে পশ্চিমবঙ্গৰ নিৰ্বাচনী সভাত উচ্চতম ন্যায়ালয়ক অৱমাননা কৰি  এনআৰচিৰ পূৰ্বে 'কেব' গৃহীত কৰিম বুলি কৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে আদালতক অৱমাননা কৰিছে।ইয়াৰ উপৰিও বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কেব গৃহীত কৰিম বুলি উল্লেখ কৰিছে। সেই কথা অসম চুক্তিৰ পৰিপন্থী। অসম চুক্তিৰ পৰিপন্থী কোনো কাৰ্যক সমৰ্থন নকৰে অসম সংগ্রামী মঞ্চই।


লগতে অমিত শ্বাহ কোন বুলি  প্ৰশ্ন কৰি মনজিৎ মহন্তই কয় যে উচ্চতম ন্যায়ালয়ৰ উৰ্ধত অমিত শ্বাহ কেতিয়াও হ'ব নোৱাৰে।আনহে নালাগে শ্বাহ কেন্দ্ৰীয় চৰকাৰো নহয়।তেওঁ মাত্ৰ ৰাজনৈতিক দলৰ এজন সভাপতিহে।শ্বাহে উচ্চতম ন্যায়ালয়ক চেৰাই মন্তব্য কৰিছে,সেই বাবে আজি গোচৰ ৰুজু কৰিছোঁ।

Your Comments