অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদৰ দেহাৱসান

chand

অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদৰ দেহাৱসান ঘটিছে।কিছুদিনৰ পৰা অসুস্থ হৈ থকা প্ৰাক্তন অধ্যক্ষগৰাকীয়ে আজি পুৱা ৪ বজাত শেষনিশ্বাস ত্যাগ কৰে।অসম আন্দোলনৰ সময়ত অৰ্থাৎ ১৯৭৯ চনৰ পৰা ১৯৮৬ চনলৈকে অসম বিধানসভাৰ অধ্যক্ষৰ দায়িত্বত আছিল চান্দ মহম্মদ।

 

মহম্মদৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।এক শোকবাৰ্তাত তেওঁ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।আনহাতে,আজি বিয়লিলৈ গুৱাহাটীত প্ৰাক্তন অধ্যক্ষগৰাকীৰ জানাজা সম্পন্ন কৰা হ'ব।

Your Comments