নিউজ ডেস্ক:
১৯৮৪ চনৰ শিখ নৰসংহাৰ সন্দৰ্ভত প্ৰদান কৰা মন্তব্যৰ বাবে জ্যেষ্ঠ কংগ্ৰেছ নেতা ছেম পিত্ৰ'ডাই ক্ষমা খুজিছে।পিত্ৰ'ডাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে টিপ্পনী কৰিবলৈ গৈ শিখ নৰসংহাৰ সন্দৰ্ভত কৈছিল-'হুৱা ত' হুৱা'।ইয়াৰ পিছতে পিত্ৰ'ডাক তীব্ৰ সমালোচনা কৰিছিল বিজেপিয়ে।জ্যেষ্ঠ
কংগ্ৰেছ নেতাজনৰ বক্তব্যই ৮৪ৰ শিখ বিৰোধী সংঘৰ্ষ সন্দৰ্ভত কংগ্ৰেছ দলটোৰ চিন্তাধাৰাক দাঙি ধৰিছে বুলি বিজেপিয়ে মন্তব্য কৰিছিল।
এতিয়া ছেম পিত্ৰ'ডাই ক্ষমা খুজি মন্তব্য কৰিছে যে তেওঁ দৰাচলতে 'জ' হুৱা বুৰা হুৱা' বুলি ক'ব খুজিছিল।তেওঁৰ হিন্দী দুৰ্বল, সেইবাবে 'হুৱা ত' হুৱা' কৈ দিলে।তেওঁৰ বক্তব্যক বিকৃতভাৱে উত্থাপন কৰা হৈছে বুলিও পিত্ৰ'ডাই কয়।উল্লেখ্য যে পিত্ৰ'ডাক ক্ষমা খুজিবলৈ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়েও কৈছিল।
- Log in to post comments
- 94 views