নিউজ ডেস্ক :
ৰাজ্যৰ ডিটেনচন কেম্পক লৈ দেশৰ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠে শুক্ৰবাৰে ডিটেনচন কেম্পৰ সন্দৰ্ভত প্ৰদান কৰিছে ৰায়। সেই অনুসৰি এতিয়াৰ পৰা বিদেশী বুলি চিনাক্ত হোৱা কোনো লোকক তিনিবছৰৰ অধিক কাল ডিটেনচন কেম্পত ৰাখিব নোৱাৰিব।
ন্যায়ালয়ত এক লাখ টকা মূল্যৰ বণ্ড প্ৰদান কৰাৰ লগতে দুজন ভাৰতীয় লোকৰ পৰা গাইপতি এক লাখ টকাকৈ বণ্ড দিয়াই মুকলি হব পাৰিব ডিটেনচন কেম্পৰ পৰা। ইয়াৰ উপৰিও ৰায়টোত ন্যায়ালয়ে কয় যে ডিটেনচন কেম্পৰ পৰা মুকলি হোৱাৰ পিছত ভাৰতত ক'ত থাকিব তাৰ সম্পূৰ্ণ তথ্য ন্যায়ালয়ক দিব লাগিব ।
লগতে লাগিব বায়'মেট্ৰিকৰ তথ্য আৰু দহোটা আঙলিৰ চাপ আৰু ফটো। একেদৰে বিদেশী ন্যায়াধীকৰণয়ে নিৰ্ধাৰণ কৰি দিয়া থানাত প্ৰতি সপ্তাহত হাজিৰ হব লাগিব অভিযুক্ত।ইয়াৰ উপৰিও যদি কোনো কাৰণত অভিযুক্তৰ ঠিকনা পৰিৱৰ্তন হয় তেন্তে তাৎক্ষণিকভাৱে নিৰ্দিষ্ট থানাত জনাব লাগিব সেই কথা।ইয়াৰ উপৰিও সীমান্ত আৰক্ষীৰ অধীক্ষকে প্ৰতি তিনিমাহৰ মূৰে মূৰে বিদেশী ন্যায়াধীকৰণত অভিযুক্ত সন্দৰ্ভত দিব থাকিব লাগিব প্ৰতিবেদন।
যদি ন্যায়ালয়ৰ এই সমূহ নিয়ম অভিযুক্তই পালন নকৰে তেতিয়া পুনৰ গ্ৰেপ্তাৰ কৰি বিদেশী ন্যাধিকৰণত হাজিৰ কৰোৱা হব অভিযুক্তক।
- Log in to post comments
- 23 views